আহোম জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টিৰ ষড়যন্ত্ৰৰ অভিযোগেৰে শিৱসাগৰত আটাছুৱে প্ৰতিবাদ সাব্যস্ত কৰি যোগেন মহনৰ প্ৰতিকৃতি দাহ কৰে।
শিৱসাগৰৰ দৌলমুখ চাৰিআলিত আটাছুৰ উত্তাল প্ৰতিবাদ; মন্ত্ৰী যোগেন মহনৰ প্ৰতিকৃতি দাহ।আহোম জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টি কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি এই উত্তাল প্ৰতিবাদী কাৰ্যসূচী ।
আটাছুৰ অভিযোগ অনুসৰি, যোৱা দেওবাৰে মৰাণহাটৰ জজলীত অনুষ্ঠিত আহোম জনগোষ্ঠীৰ টাই-ম'সকলৰ অভিৱৰ্তনত গ্ৰহণ কৰা কেইবাটাও প্ৰস্তাৱে জনগোষ্ঠীটোৰ মাজত বিভাজন সৃষ্টি কৰিব পাৰে।
বিশেষকৈ আহোম জনগোষ্ঠীৰ অন্তৰ্ভুক্ত ফুকন, দেওধাই আৰু বাইলুংসকলক সুকীয়াকৈ জনজাতিকৰণৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰাৰ বিৰোধিতা কৰে সংগঠনটোৱে।
প্ৰতিবাদস্থলীত শতাধিক আটাছু কৰ্মী আৰু বিষয়ববীয়াই বিভিন্ন শ্লোগান দিয়ে।
newznow.in