শিৱসাগৰ, ১৮ নৱেম্বৰ:
শিৱসাগৰৰ দৌলমুখ চাৰিআলিত আটাছুৰ উত্তাল প্ৰতিবাদ; মন্ত্ৰী যোগেন মহনৰ প্ৰতিকৃতি দাহ।আহোম জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টি কৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি এই উত্তাল প্ৰতিবাদী কাৰ্যসূচী ।
আহোম জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টিৰ ষড়যন্ত্ৰ চলাৰ অভিযোগ উত্থাপন কৰি সদৌ টাই আহোম ছাত্ৰ সন্থাই চমুকৈ আটাছুৱে শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে সাংসদ তথা মন্ত্ৰী যোগেন মহনৰ প্ৰতিকৃতি দাহ কৰি ক্ষোভ প্ৰকাশ কৰে।
আটাছুৰ অভিযোগ অনুসৰি, যোৱা দেওবাৰে মৰাণহাটৰ জজলীত অনুষ্ঠিত আহোম জনগোষ্ঠীৰ টাই-ম'সকলৰ অভিৱৰ্তনত গ্ৰহণ কৰা কেইবাটাও প্ৰস্তাৱে জনগোষ্ঠীটোৰ মাজত বিভাজন সৃষ্টি কৰিব পাৰে।
বিশেষকৈ আহোম জনগোষ্ঠীৰ অন্তৰ্ভুক্ত ফুকন, দেওধাই আৰু বাইলুংসকলক সুকীয়াকৈ জনজাতিকৰণৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰাৰ বিৰোধিতা কৰে সংগঠনটোৱে। এই প্ৰস্তাৱৰ আঁৰত যোগেন মহনসহ একাংশ লোকৰ চক্ৰান্ত আছে বুলিও আটাছুৱে অভিযোগ তোলে।
প্ৰতিবাদস্থলীত শতাধিক আটাছু কৰ্মী আৰু বিষয়ববীয়াই বিভিন্ন শ্লোগান দিয়ে।
“আহোম জনগোষ্ঠীক ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক” আৰু “যোগেন মহন হায় হায়”।
আহোম জনগোষ্ঠীৰ ঐক্য আৰু সংহতি বিনষ্ট কৰাৰ যিকোনো প্ৰচেষ্টা সহ্য কৰা নহ'ব বুলি সংগঠনটোৱে সকীয়াই দিয়ে।