প্ৰিয় শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি অনুৰাগীসকলে কেক কাটি উদযাপন কৰে।
গুৱাহাটী, ১৮ নৱেম্বৰ: অসমীয়া সংগীতজগতৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি অনুৰাগীৰ মাজত দেখা গ’ল ব্যাপক উৎসাহ-উদ্দীপনা।
জন্মদিন উপলক্ষে নিশা ১২ বজাৰ পৰাই বিভিন্ন স্থানত অনুৰাগীসকলে কেক কাটি, জন্মদিনৰ শুভেচ্ছা জনাই আৰু প্ৰিয় শিল্পীগৰাকীৰ গীতৰ মাজেৰে ওপজা দিন উদযাপন কৰে।
জুবিন গাৰ্গৰ কণ্ঠ, সুৰ আৰু সৃষ্টিৰাজিয়ে প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।
ইফালে, গুৱাহাটীৰ কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহতো শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰা হয়।
newznow.in