গুৱাহাটী, ১৮ নৱেম্বৰ: অসমীয়া সংগীতজগতৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি অনুৰাগীৰ মাজত দেখা গ’ল ব্যাপক উৎসাহ-উদ্দীপনা। শিল্পীগৰাকী শাৰীৰিকভাৱে অনুৰাগীৰ মাজত নাথাকিলেও তেওঁৰ সৃষ্টিৰাজি, গীত আৰু সুৰে আজিও অগণন লোকৰ হৃদয়ত বিশেষ স্থান দখল কৰি আছে।
জন্মদিন উপলক্ষে নিশা ১২ বজাৰ পৰাই বিভিন্ন স্থানত অনুৰাগীসকলে কেক কাটি, জন্মদিনৰ শুভেচ্ছা জনাই আৰু প্ৰিয় শিল্পীগৰাকীৰ গীতৰ মাজেৰে ওপজা দিন উদযাপন কৰে। শিল্পীগৰাকীৰ স্মৃতি সুঁৱৰি বহু অনুৰাগীয়ে সামাজিক মাধ্যমতো নিজৰ আবেগ, মৰম আৰু শ্ৰদ্ধা প্ৰকাশ কৰে।
জুবিন গাৰ্গৰ কণ্ঠ, সুৰ আৰু সৃষ্টিৰাজিয়ে প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ গীতসমূহ আজিও সংগীতপ্ৰেমীৰ মাজত সমানেই জনপ্ৰিয়। জন্মদিনৰ এই বিশেষ দিনটোত অনুৰাগীসকলে তেওঁৰ সংগীতময় যাত্ৰা আৰু অসমীয়া সংগীতজগতলৈ আগবঢ়োৱা অৱদান স্মৰণ কৰে।
ইফালে, গুৱাহাটীৰ কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহতো শিল্পীগৰাকীৰ জন্মদিন উদযাপন কৰা হয়। আনহাতে, সোণাপুৰৰ জুবিন ক্ষেত্ৰতো অনুৰাগীসকলে একত্ৰিত হৈ প্ৰিয় শিল্পীগৰাকীৰ ওপজা দিন পালন কৰে। শিল্পীগৰাকীৰ অনুপস্থিতিতো অনুৰাগীসকলে মৰম, শ্ৰদ্ধা আৰু আবেগেৰে জন্মদিন উদযাপন কৰি তেওঁক স্মৰণ কৰে।
জন্মদিনৰ এই বিশেষ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীয়ে পুনৰ এবাৰ স্মৰণ কৰে অসমীয়া সংগীতজগতলৈ জুবিন গাৰ্গৰ অনন্য অৱদান। অনুৰাগীৰ হৃদয়ত তেওঁৰ গীত আৰু সৃষ্টিৰ মাজেৰে শিল্পীগৰাকী চিৰদিন জীৱন্ত হৈ থাকিব।