হেলমেট নিপিন্ধি বাৰে বাৰে নিয়ম উলংঘা কৰা দুচকীয়া চালকৰ অনুজ্ঞাপত্ৰ আৰু বাহনৰ পঞ্জীয়ন বাতিল হ’ব পাৰে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকীয়াই দিছে।
গুৱাহাটী, ১৮ নৱেম্বৰ: দুচকীয়া বাহন চলোৱাৰ সময়ত হেলমেট নিপিন্ধি বাৰে বাৰে নিয়ম উলংঘা কৰা চালকৰ অনুজ্ঞাপত্ৰ আৰু বাহনৰ পঞ্জীয়ন বাতিল কৰা হ’ব পাৰে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই…
মঙলবাৰে নিশা সামাজিক মাধ্যমযোগে দিয়া এক বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, হেলমেট নিপিন্ধি দুচকীয়া বাহন চলোৱাক কেৱল জৰিমনা ভৰিবলগীয়া সাধাৰণ নিয়ম উলংঘা হিচাপে আৰু গণ্য কৰা নহ’ব।
এটা শেহতীয়া প্ৰতিবেদনৰ তথ্য উল্লেখ কৰি তেওঁ কয় যে, দুচকীয়া বাহনৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ ৬০.১ শতাংশই হেলমেট পৰিধান কৰা নাছিল।
বাহন চলোৱা ব্যক্তিজনৰ লগতে পিছৰ আসনত বহা যাত্ৰীগৰাকীয়েও হেলমেট পৰিধান কৰাটো বাধ্যতামূলক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সোঁৱৰাই দিয়ে।
newznow.in