গুৱাহাটী, ১৮ নৱেম্বৰ: দুচকীয়া বাহন চলোৱাৰ সময়ত হেলমেট নিপিন্ধি বাৰে বাৰে নিয়ম উলংঘা কৰা চালকৰ অনুজ্ঞাপত্ৰ আৰু বাহনৰ পঞ্জীয়ন বাতিল কৰা হ’ব পাৰে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সকীয়াই দিছে। পথ-সুৰক্ষাৰ নিয়ম মানি নচলা চালকৰ বিৰুদ্ধে আগন্তুক দিনত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ জনায়।
মঙলবাৰে নিশা সামাজিক মাধ্যমযোগে দিয়া এক বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, হেলমেট নিপিন্ধি দুচকীয়া বাহন চলোৱাক কেৱল জৰিমনা ভৰিবলগীয়া সাধাৰণ নিয়ম উলংঘা হিচাপে আৰু গণ্য কৰা নহ’ব।
হেলমেট আৰক্ষীৰ জৰিমনাৰ পৰা ৰক্ষা পোৱাৰ উপায় নহয়; দুৰ্ঘটনাৰ সময়ত জীৱন ৰক্ষা কৰিব পৰা ই এক অত্যাৱশ্যকীয় সুৰক্ষা সামগ্ৰী।
এটা শেহতীয়া প্ৰতিবেদনৰ তথ্য উল্লেখ কৰি তেওঁ কয় যে, দুচকীয়া বাহনৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ ৬০.১ শতাংশই হেলমেট পৰিধান কৰা নাছিল। এই তথ্যই হেলমেট ব্যৱহাৰৰ প্ৰয়োজনীয়তা পুনৰ স্পষ্ট কৰিছে বুলি তেওঁ উল্লেখ কৰে।
বাহন চলোৱা ব্যক্তিজনৰ লগতে পিছৰ আসনত বহা যাত্ৰীগৰাকীয়েও হেলমেট পৰিধান কৰাটো বাধ্যতামূলক বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সোঁৱৰাই দিয়ে।
হেলমেট পৰিধানৰ নিয়ম কঠোৰভাৱে বলৱৎ কৰিবলৈ যান-বাহন আইন ৰূপায়ণৰ দায়িত্বত থকা বিভাগ আৰু সংস্থাসমূহক নিৰ্দেশ দিয়া হৈছে। বাৰে বাৰে নিয়ম উলংঘা কৰা লোকৰ বিৰুদ্ধে জৰিমনাৰ উপৰি অনুজ্ঞাপত্ৰ আৰু বাহনৰ পঞ্জীয়ন বাতিলৰ ব্যৱস্থাও গ্ৰহণ কৰা হ’ব পাৰে বুলি তেওঁ কয়।
বুধবাৰে ৰাজ্যজুৰি আৰম্ভ কৰা যান-বাহন আইন উলংঘাৰ বিৰুদ্ধে অভিযান কেৱল আৰম্ভণিহে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, আগন্তুক দিনতো ৰাজ্যৰ বিভিন্ন স্থানত এই অভিযান অব্যাহত থাকিব। অভিযানৰ অগ্ৰগতি তেওঁ নিজেও নিৰীক্ষণ কৰিব বুলি জনায়।
ৰাজ্যত দুচকীয়া বাহনৰ দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে চৰকাৰে এই কঠোৰ স্থিতি গ্ৰহণ কৰিছে।