দিল্লীত সোমবাৰে RJDৰ মুৰব্বী লালু প্ৰসাদ যাদৱক সাক্ষাৎ কৰে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে।
নতুন দিল্লী, ২ নৱেম্বৰ: কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে সোমবাৰে দিল্লীত RJDৰ মুৰব্বী লালু প্ৰসাদ যাদৱক সাক্ষাৎ কৰে।
সাক্ষাতৰ সময়ত ছোনিয়া গান্ধীয়ে লালু প্ৰসাদ যাদৱক ফুলৰ থোপা আগবঢ়ায়।
নিজৰ পোষ্টত লালু প্ৰসাদ যাদৱে উল্লেখ কৰে যে UPA চৰকাৰৰ সময়ত যুৱক-যুৱতী, কৃষক, জোৱান আৰু সাধাৰণ জনতাৰ বাবে স্বচ্ছ তথা জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰা হৈছিল।
লালু প্ৰসাদ যাদৱে লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ নেতৃত্বত বিহাৰৰ উন্নয়নৰ বাবে ১ লাখ ৪৫ হাজাৰ কোটি টকাতকৈ অধিক ধন আগবঢ়োৱাৰ কথাও নিজৰ পোষ্টত উল্লেখ কৰে।
newznow.in