নতুন দিল্লী, ২ নৱেম্বৰ: কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীয়ে সোমবাৰে দিল্লীত RJDৰ মুৰব্বী লালু প্ৰসাদ যাদৱক সাক্ষাৎ কৰে। নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে দিল্লীলৈ অহা লালু প্ৰসাদ যাদৱৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয় ছোনিয়া গান্ধীয়ে। এই সাক্ষাতৰ সময়ত RJD নেতা তথা লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱৰ লগতে পৰিয়ালৰ আন সদস্যসকলো উপস্থিত আছিল।
সাক্ষাতৰ সময়ত ছোনিয়া গান্ধীয়ে লালু প্ৰসাদ যাদৱক ফুলৰ থোপা আগবঢ়ায়। পিছত লালু প্ৰসাদ যাদৱে সাক্ষাতৰ কেইখনমান ছবি নিজৰ X হেণ্ডেলত প্ৰকাশ কৰে। তেওঁ এই সাক্ষাতৰ জৰিয়তে UPA চৰকাৰৰ দিনৰ পুৰণি স্মৃতি সোঁৱৰণ কৰে।
নিজৰ পোষ্টত লালু প্ৰসাদ যাদৱে উল্লেখ কৰে যে UPA চৰকাৰৰ সময়ত যুৱক-যুৱতী, কৃষক, জোৱান আৰু সাধাৰণ জনতাৰ বাবে স্বচ্ছ তথা জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰা হৈছিল। তেওঁ MGNREGA, RTE আৰু RTIৰ দৰে আইনৰ জৰিয়তে দেশবাসীক সবল কৰাৰ কথাও স্মৰণ কৰে।
লালু প্ৰসাদ যাদৱে লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ নেতৃত্বত বিহাৰৰ উন্নয়নৰ বাবে ১ লাখ ৪৫ হাজাৰ কোটি টকাতকৈ অধিক ধন আগবঢ়োৱাৰ কথাও নিজৰ পোষ্টত উল্লেখ কৰে।
সাক্ষাতৰ পিছত তেজস্বী যাদৱে সংবাদ মাধ্যমৰ আগত কয় যে লালু প্ৰসাদ যাদৱ আৰু ছোনিয়া গান্ধীৰ সম্পৰ্ক বহু পুৰণি। দুয়োগৰাকীয়ে কঠিন সময়তো পৰস্পৰক সহায়-সহযোগিতা আগবঢ়াই আহিছে বুলি তেওঁ মন্তব্য কৰে। বহুদিন দুয়োৰে সাক্ষাৎ হোৱা নাছিল আৰু সেইবাবেই সোমবাৰে তেওঁলোকৰ সাক্ষাৎ হয় বুলিও তেজস্বীয়ে জনায়।