তিনিচুকীয়া জিলাৰ বৰডুমচাৰ সমীপৱৰ্তী মহং গাঁৱত আজি পুৱাই নিৰ্মীয়মাণ কালভাৰ্টৰ কাষত নিয়ন্ত্ৰণ হেৰুৱাই এখন বাহন নদীত বাগৰি পৰে, যাৰ ফলত যাদৱ মৰাণ নামৰ এজন লোকৰ মৃত্যু হয়।
তিনিচুকীয়া, ১৮ নৱেম্বৰ: তিনিচুকীয়া জিলাৰ বৰডুমচাৰ সমীপৱৰ্তী মহং গাঁৱত আজি পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AR 12A 4752।
মৃত লোকজন তৰাণী গাঁৱৰ যাদৱ মৰাণ বুলি জানিব পৰা গৈছে।
নিৰ্মীয়মাণ কালভাৰ্টৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এখন বাহন পথৰ পৰা দ খাৱৈত পৰি নদীত বাগৰি পৰে।
newznow.in