তিনিচুকীয়া, ১৮ নৱেম্বৰ: তিনিচুকীয়া জিলাৰ বৰডুমচাৰ সমীপৱৰ্তী মহং গাঁৱত আজি পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিৰ্মীয়মাণ কালভাৰ্টৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই এখন বাহন পথৰ পৰা দ খাৱৈত পৰি নদীত বাগৰি পৰে। এই দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AR 12A 4752। স্থানীয় লোকৰ ভাষ্য অনুসৰি, বাহনখনত মুঠ তিনিজন লোক আছিল। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে বাহনখনত থকা দুজন লোক ঘটনাস্থলীৰ পৰা আঁতৰি যায়। আনহাতে, এজন লোক বাহনখনৰ ভিতৰতে আবদ্ধ হৈ পৰে আৰু পিছত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।

মৃত লোকজন তৰাণী গাঁৱৰ যাদৱ মৰাণ বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে বৰডুমচা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। অৱশ্যে, বাহনখন কেনেদৰে নিয়ন্ত্ৰণ হেৰুৱাই নিৰ্মীয়মাণ কালভাৰ্টৰ সমীপৰ পৰা নদীত বাগৰি পৰিল, সেই বিষয়ে এতিয়াও স্পষ্ট তথ্য পোৱা হোৱা নাই। দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্তৰ পিছতহে জানিব পৰা যাব।