জুবিন গাৰ্গৰ জন্মদিনত শিল্পীগৰাকীৰ চিন্তা, আদৰ্শ আৰু সৃষ্টিৰাজি নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ আহ্বান জনাইছে পামী বৰঠাকুৰে।
গুৱাহাটী, ১৮ নৱেম্বৰ: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে তেওঁৰ স্মৃতি, আদৰ্শ আৰু সৃষ্টিৰাজি জীয়াই ৰখাৰ আহ্বান জনাইছে ভগ্নী পামী বৰঠাকুৰে।
জুবিন গাৰ্গৰ জীৱনৰ বিভিন্ন দিশ, চিন্তা-চৰ্চা আৰু অৱদানক লৈ আলোচনা অব্যাহত থাকিলেহে তেওঁৰ স্মৃতি আৰু আদৰ্শ প্ৰজন্মৰ পাছত প্ৰজন্মলৈ আগবাঢ়ি যাব বুলি পামী বৰঠাকুৰে কয়।
ৰাইজে নিজাববীয়াকৈ শিল্পীগৰাকীক স্মৰণ কৰি জন্মদিন উদযাপন কৰাটোৱে তেওঁৰ প্ৰতি থকা গভীৰ ভালপোৱাৰ প্ৰতিফলন ঘটাইছে বুলি তেওঁ মন্তব্য কৰে।
ইফালে, মুম্বাইত চিকিৎসা গ্ৰহণ কৰি থকা জুবিন গাৰ্গৰ পত্নীৰ স্বাস্থ্য আগতকৈ কিছু উন্নত হৈছে বুলি পামী বৰঠাকুৰে জানিবলৈ দিয়ে।
newznow.in