গুৱাহাটী, ১৮ নৱেম্বৰ: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে তেওঁৰ স্মৃতি, আদৰ্শ আৰু সৃষ্টিৰাজি জীয়াই ৰখাৰ আহ্বান জনাইছে ভগ্নী পামী বৰঠাকুৰে। কেৱল জন্মদিন উদযাপনৰ মাজতে সীমাবদ্ধ নাথাকি জুবিন গাৰ্গৰ চিন্তা, অৱদান আৰু জীৱনবোধৰ প্ৰতিটো দিশ চৰ্চা কৰি তেওঁক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখাৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে।
জুবিনদা সদায় সুন্দৰৰ পূজাৰী, এজন সুন্দৰ মানুহ আৰু জাতীয় চেতনা হিচাপে অসমবাসীৰ মাজত জীয়াই থাকিব লাগে।
জুবিন গাৰ্গৰ জীৱনৰ বিভিন্ন দিশ, চিন্তা-চৰ্চা আৰু অৱদানক লৈ আলোচনা অব্যাহত থাকিলেহে তেওঁৰ স্মৃতি আৰু আদৰ্শ প্ৰজন্মৰ পাছত প্ৰজন্মলৈ আগবাঢ়ি যাব বুলি পামী বৰঠাকুৰে কয়। গুৱাহাটীৰ পৰা সোণাপুৰলৈ বিভিন্ন স্থানত অনুৰাগীসকলে তেওঁৰ ছবি আঁৰি, ফুল অৰ্পণ কৰি আৰু গীত বজাই স্বতঃস্ফূৰ্তভাৱে জন্মদিন পালন কৰা দৃশ্য দেখি আনন্দিত হোৱা বুলিও তেওঁ জনায়।
ৰাইজে নিজাববীয়াকৈ শিল্পীগৰাকীক স্মৰণ কৰি জন্মদিন উদযাপন কৰাটোৱে তেওঁৰ প্ৰতি থকা গভীৰ ভালপোৱাৰ প্ৰতিফলন ঘটাইছে বুলি তেওঁ মন্তব্য কৰে। জুবিনক লৈ ভাল কথা আৰু তেওঁৰ চিন্তা-চেতনাৰ চৰ্চা অব্যাহত থাকিলেই শিল্পীগৰাকী মানুহৰ মাজত জীয়াই থাকিব বুলি আশা প্ৰকাশ কৰে পামী বৰঠাকুৰে।
ইফালে, মুম্বাইত চিকিৎসা গ্ৰহণ কৰি থকা জুবিন গাৰ্গৰ পত্নীৰ স্বাস্থ্য আগতকৈ কিছু উন্নত হৈছে বুলি পামী বৰঠাকুৰে জানিবলৈ দিয়ে। চিকিৎসা সম্পূৰ্ণ কৰিবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন হ'ব বুলিও তেওঁ কয়। জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সৃষ্টি হোৱা মানসিক চাপৰ বাবে তেওঁৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিছে আৰু মাজে মাজে অসুস্থ হৈ পৰে বুলি উল্লেখ কৰি পৰিৱেশৰ কিছু পৰিৱৰ্তন আৰু যত্নৰ জৰিয়তে তেওঁক সুস্থ কৰি ৰখাৰ চেষ্টা চলি থকা বুলি জনায়।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক প্ৰক্ৰিয়াক লৈও পামী বৰঠাকুৰে ক্ষোভ আৰু হতাশা প্ৰকাশ কৰে। ন্যায় প্ৰক্ৰিয়াৰ কিছুমান সিদ্ধান্তই পৰিয়ালক আঘাত দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, আৰম্ভণিৰ পৰাই তদন্ত আৰু প্ৰমাণৰ ক্ষেত্ৰত থকা কিছুমান ত্ৰুটিৰ বাবেই অভিযুক্ত অমিত প্ৰভাই জামিন লাভ কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ অনুভৱ কৰে। অৱশ্যে ন্যায়ালয় আৰু ন্যায় ব্যৱস্থাৰ ওপৰত পৰিয়ালৰ আস্থা আছে বুলি তেওঁ স্পষ্ট কৰে। তেওঁলোকৰ অধিবক্তাৰ দলটোৱে গোচৰটো শক্তিশালীভাৱে আগবঢ়াই নিয়াৰ চেষ্টা চলাই আছে আৰু জুবিনে ন্যায় পাব বুলি তেওঁ আশাবাদী।
ন্যায়িক প্ৰক্ৰিয়াৰ মাজত কিছুমান বাধা বা হতাশাজনক ঘটনা আহিলেও সেইবোৰৰ বাবে নিৰুৎসাহিত নহৈ আগতকৈ দুগুণ উৎসাহেৰে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী অব্যাহত ৰাখিব লাগিব বুলি পামী বৰঠাকুৰে মন্তব্য কৰে।