দিল্লীৰ ৰামলীলা ময়দানৰ সমাৱেশত লুৰীণজ্যোতি গগৈক উপযুক্ত সন্মান নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অসম বিজেপিয়ে।
গুৱাহাটী, ২ নৱেম্বৰ: দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত কংগ্ৰেছৰ সমাৱেশত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক উপযুক্ত সন্মান প্ৰদৰ্শন নকৰাৰ অভিযোগ উত্থাপন কৰিছে অসম বিজেপিয়ে।
গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত সংবাদমেলত শৰ্মাই দাবী কৰে যে ৰামলীলা ময়দানৰ সমাৱেশত অংশগ্ৰহণ কৰিবলৈ অসমৰ পৰা যোৱা কংগ্ৰেছ কৰ্মীৰ সংখ্যা আছিল নগণ্য।
একেদৰে যোৰহাটৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সমষ্টিৰ পৰাও নগণ্য সংখ্যক কংগ্ৰেছ কৰ্মী দিল্লীলৈ যোৱা বুলি মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে।
আনহাতে, দিল্লীৰ সমাৱেশত লুৰীণজ্যোতি গগৈক মূল মঞ্চত স্থান নিদিয়াৰ অভিযোগো উত্থাপন কৰে শৰ্মাই।
newznow.in