গুৱাহাটী, ২ নৱেম্বৰ: দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত কংগ্ৰেছৰ সমাৱেশত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক উপযুক্ত সন্মান প্ৰদৰ্শন নকৰাৰ অভিযোগ উত্থাপন কৰিছে অসম বিজেপিয়ে। একে সময়তে অসমত কংগ্ৰেছৰ সাংগঠনিক দুৰ্বলতাক লৈও সৰৱ হৈছে দলটো। বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই অভিযোগ কৰে যে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই লুৰীণজ্যোতি গগৈক অৱজ্ঞা কৰাৰ লগতে ৰাজ্যৰ দলীয় কৰ্মীসকলকো দিল্লীৰ সমাৱেশলৈ নিয়াৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত সংবাদমেলত শৰ্মাই দাবী কৰে যে ৰামলীলা ময়দানৰ সমাৱেশত অংশগ্ৰহণ কৰিবলৈ অসমৰ পৰা যোৱা কংগ্ৰেছ কৰ্মীৰ সংখ্যা আছিল নগণ্য। তেওঁৰ অভিযোগ অনুসৰি, ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে নিজৰ সমষ্টিৰ পৰা ১০০ গৰাকী দলীয় কৰ্মীকো দিল্লীলৈ নিব নোৱাৰিলে। চামগুৰিৰ বিধায়ক তানজিল হুছেইনেও সমষ্টিৰ দলীয় কৰ্মীসকলক দিল্লীলৈ যোৱাৰ বাবে সন্মত কৰাব নোৱাৰিলে বুলি তেওঁ দাবী কৰে।

একেদৰে যোৰহাটৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সমষ্টিৰ পৰাও নগণ্য সংখ্যক কংগ্ৰেছ কৰ্মী দিল্লীলৈ যোৱা বুলি মন্তব্য কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে। তেওঁৰ অভিযোগ, কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই ৰে’লযোগে কমেও তিনি হাজাৰ কৰ্মীক দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু গৌৰৱ গগৈৰ নিৰ্লিপ্ততাৰ বাবে অসমত কোনো সাংগঠনিক সভা অনুষ্ঠিত নহ'ল। বহু জিলা সভাপতিয়ে ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰিও প্ৰদেশ সভাপতিক নাপালে বুলিও তেওঁ দাবী কৰে।

আনহাতে, দিল্লীৰ সমাৱেশত লুৰীণজ্যোতি গগৈক মূল মঞ্চত স্থান নিদিয়াৰ অভিযোগো উত্থাপন কৰে শৰ্মাই। তেওঁৰ দাবী অনুসৰি, অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীক দ্বিতীয়খন মঞ্চৰ চতুৰ্থ শাৰীত বহিবলৈ দিয়া হৈছিল আৰু সমাৱেশত ভাষণ দিয়াৰ সুযোগো প্ৰদান কৰা নহ'ল। ইয়াৰ বিপৰীতে নেহা বৰাক প্ৰথমখন মঞ্চত আগস্থান দিয়াৰ লগতে উদ্বোধনী ভাষণ দিয়াৰ সুযোগ দিয়া হৈছিল বুলি তেওঁ অভিযোগ কৰে।

শৰ্মাই লগতে কয় যে লুৰীণজ্যোতি গগৈৰ প্ৰতি কংগ্ৰেছ নেতৃত্বৰ এনে আচৰণে অসমৰ জাতীয়তাবাদী চিন্তাধাৰাৰ লোকসকলক ব্যথিত কৰিছে। শাৰ্জিল ইমাম আৰু উমৰ খালিদক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰি নেহা বৰাক ভাষণৰ সুযোগ দিয়াৰ বিষয়টোও তেওঁ সমালোচনা কৰে।

ৰামলীলা ময়দানৰ সমাৱেশক পৰিয়ালতন্ত্ৰ ৰক্ষাৰ সমাৱেশ আখ্যা দি শৰ্মাই অভিযোগ কৰে যে মূল মঞ্চত গান্ধী পৰিয়ালৰ সদস্য ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাক কেন্দ্ৰ কৰি সমাৱেশৰ কাৰ্যসূচী আগবাঢ়িছিল। লগতে অখিলেশ যাদৱ, তেজস্বী যাদৱ, সুপ্ৰিয়া ছুলে, মেহবুবা মুফতি, ফাৰুক আব্দুল্লা, ওমৰ আব্দুল্লা আৰু গৌৰৱ গগৈৰ উপস্থিতিৰ কথা উল্লেখ কৰি তেওঁ বিৰোধী দলসমূহৰ নেতৃত্বত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলি থকাৰ অভিযোগ তোলে।