শিৱসাগৰৰ গৌৰীসাগৰত আৰক্ষীৰ গুলীত ঘনকান্ত গগৈৰ মৃত্যুৰ ঘটনাত জিলা প্ৰশাসনে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে।
শিৱসাগৰ, ৪ নৱেম্বৰ: গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ আৰক্ষীৰ গুলীত মৃত্যুৰ ঘটনাক লৈ শিৱসাগৰ জিলা প্ৰশাসনে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে।
৪ নৱেম্বৰৰ পুৱতি নিশা প্ৰায় ৩.১০ বজাত গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুলপানিচিগা গাঁৱৰ ৰংমন ধাবাৰ সমীপত ঘটনাটো সংঘটিত হৈছিল।
সেই সময়ত হোৱা সংঘৰ্ষত গগৈয়ে এজন আৰক্ষী বিষয়াক গুলীয়াই আহত কৰাৰ অভিযোগ উঠিছিল।
ঘনকান্ত গগৈ ২৬ অক্টোবৰত গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ মূল অভিযুক্ত আছিল।
newznow.in