শিৱসাগৰ, ৪ নৱেম্বৰ: গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ আৰক্ষীৰ গুলীত মৃত্যুৰ ঘটনাক লৈ শিৱসাগৰ জিলা প্ৰশাসনে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে। গৌৰীসাগৰ অঞ্চলত সংঘটিত আৰক্ষীৰ গুলীচালনাৰ ঘটনাটোৰ প্ৰকৃত পৰিস্থিতি পৰীক্ষা কৰিবলৈ এই তদন্তৰ নিৰ্দেশ দিয়া হৈছে।
৪ নৱেম্বৰৰ পুৱতি নিশা প্ৰায় ৩.১০ বজাত গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত ফুলপানিচিগা গাঁৱৰ ৰংমন ধাবাৰ সমীপত ঘটনাটো সংঘটিত হৈছিল। আৰক্ষীৰ ভাষ্য অনুসৰি, আৰক্ষীৰ জিম্মাত থকা ঘনকান্ত গগৈয়ে প্ৰস্ৰাৱ কৰিবলৈ যোৱাৰ অজুহাতত বাহনৰ পৰা নামি আৰক্ষীৰ সেৱা পিষ্টল কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল।
সেই সময়ত হোৱা সংঘৰ্ষত গগৈয়ে এজন আৰক্ষী বিষয়াক গুলীয়াই আহত কৰাৰ অভিযোগ উঠিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে গুলীচালনা কৰাত গগৈ আহত হয় আৰু পিছত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়।
ঘনকান্ত গগৈ ২৬ অক্টোবৰত গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ মূল অভিযুক্ত আছিল। উক্ত ঘটনাত পাঁচজন লোক নিহত হৈছিল। হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁক আৰক্ষীৰ জিম্মাত ৰখা হৈছিল। শিৱসাগৰৰ এটা পৃথক গোচৰৰ তদন্তৰ বাবে তেওঁক জিলাখনলৈ লৈ যোৱা হৈছিল।
তদন্তৰ দায়িত্বত থকা কাৰ্যবাহী দণ্ডাধীশ অদিতি নেওগে ঘটনাৰ সৈতে জড়িত প্ৰত্যক্ষদৰ্শী, স্থানীয় লোক, সংগঠন আৰু তথ্য থকা ব্যক্তিসকলক বক্তব্য তথা প্ৰমাণ দাখিল কৰিবলৈ আহ্বান জনাইছে।
১৮ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ পুৱা ১১ বজাৰ পৰা শিৱসাগৰৰ কাৰ্যবাহী দণ্ডাধীশৰ কাৰ্যালয়ৰ ৪২ নম্বৰ কোঠাত বক্তব্য আৰু প্ৰমাণ গ্ৰহণ কৰা হ’ব। আৰক্ষীৰ গুলীচালনাৰ ঘটনাটোৰ প্ৰকৃত পৰিস্থিতি আৰু ইয়াৰ সৈতে জড়িত সকলো দিশ নিৰপেক্ষভাৱে পৰীক্ষা কৰাই তদন্তৰ উদ্দেশ্য।