শিৱসাগৰৰ বাবুপট্টিস্থিত ভিজন মাৰ্কেট ছাত্ৰী নিবাসত বি কমৰ ছাত্ৰী পৰিস্মিতা দত্তৰ অস্বাভাৱিক মৃত্যু হৈছে।
শিৱসাগৰ, ১৮ নৱেম্বৰ: শিৱসাগৰ নগৰৰ বাবুপট্টিস্থিত ভিজন মাৰ্কেট ছাত্ৰী নিবাসত এগৰাকী ছাত্ৰীৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
তেওঁ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ বি কম তৃতীয় ষান্মাসিকৰ ছাত্ৰী আছিল।
প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে পুৱা প্ৰায় ১২ বজালৈকে পৰিস্মিতাৰ কোঠাৰ দুৱাৰ বন্ধ হৈ থকাত ছাত্ৰী নিবাসটোৰ আন আবাসীসকলৰ সন্দেহ হয়।
খবৰ লাভ কৰাৰ পিছতে দণ্ডাধীশৰ লগতে শিৱসাগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰাথমিক তদন্ত আৰম্ভ কৰে।
newznow.in