শিৱসাগৰ, ১৮ নৱেম্বৰ: শিৱসাগৰ নগৰৰ বাবুপট্টিস্থিত ভিজন মাৰ্কেট ছাত্ৰী নিবাসত এগৰাকী ছাত্ৰীৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত ছাত্ৰীগৰাকী জাঁজী আমগুৰিৰ পৰিস্মিতা দত্ত।

তেওঁ শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ বি কম তৃতীয় ষান্মাসিকৰ ছাত্ৰী আছিল। বিগত প্ৰায় এবছৰ ধৰি তেওঁ উক্ত ছাত্ৰী নিবাসতে বাস কৰি আহিছিল।

প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে পুৱা প্ৰায় ১২ বজালৈকে পৰিস্মিতাৰ কোঠাৰ দুৱাৰ বন্ধ হৈ থকাত ছাত্ৰী নিবাসটোৰ আন আবাসীসকলৰ সন্দেহ হয়। পিছত দুৱাৰ খুলি কোঠাটোৰ ভিতৰত প্ৰৱেশ কৰাত ছাত্ৰীগৰাকীৰ নিথৰ দেহ প্ৰত্যক্ষ কৰে।

খবৰ লাভ কৰাৰ পিছতে দণ্ডাধীশৰ লগতে শিৱসাগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰাথমিক তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে কোঠাটোৰ পৰা উদ্ধাৰ হোৱা এখন টোকা আৰু ছাত্ৰীগৰাকীৰ মোবাইল ফোন জিম্মাত লৈছে।

প্ৰাথমিকভাৱে কোনো অজ্ঞাত যুৱকে দীৰ্ঘদিন ধৰি ছাত্ৰীগৰাকীক মানসিকভাৱে হাৰাশাস্তি আৰু ব্লেকমেইলিং কৰাৰ সন্দেহ প্ৰকাশ পাইছে। অৱশ্যে এই অভিযোগৰ সত্যতা এতিয়াও নিশ্চিত হোৱা নাই।

উদ্ধাৰ হোৱা টোকাখনত কি লিখা আছে, সেই বিষয়েও আৰক্ষীয়ে আনুষ্ঠানিকভাৱে একো প্ৰকাশ কৰা নাই। ছাত্ৰীগৰাকীৰ মৃত্যুৰ আঁৰৰ কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।