বিমান ভাড়া প্ৰায় ৭০০ শতাংশ বাঢ়িছে বুলি তাৎক্ষণিক শুনানিৰ আবেদন জনোৱাত ছুপ্ৰিম ক’ৰ্টে আবেদনকাৰীক বিমানে নাযাবলৈ ক’লে।
নতুন দিল্লী, ২ নৱেম্বৰ: বিমানৰ ভাড়া ৭০০ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱাৰ অভিযোগক লৈ উচ্চতম ন্যায়ালয়ত উত্থাপন কৰা আবেদন সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ন্যায়াধীশ বিক্ৰম নাথে।
সোমবাৰে উচ্চতম ন্যায়ালয়ত গোচৰটো জৰুৰীভাৱে তালিকাভুক্ত কৰাৰ বাবে উল্লেখ কৰা হৈছিল।
উল্লেখ্য যে, উৎসৱ, বন্ধৰ দিন আৰু জৰুৰীকালীন পৰিস্থিতিত বিমান সংস্থাসমূহে চাহিদাৰ ভিত্তিত ভাড়া হঠাতে বৃদ্ধি কৰাৰ অভিযোগেৰে আবেদনখন দাখিল কৰা হৈছিল।
একেধৰণৰ বিষয়ত এছ লক্ষ্মীনাৰায়ণে দাখিল কৰা এখন জনস্বাৰ্থজড়িত আবেদন ইতিমধ্যে ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠত বিচাৰাধীন হৈ আছে।
newznow.in