নতুন দিল্লী, ২ নৱেম্বৰ: বিমানৰ ভাড়া ৭০০ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱাৰ অভিযোগক লৈ উচ্চতম ন্যায়ালয়ত উত্থাপন কৰা আবেদন সন্দৰ্ভত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ন্যায়াধীশ বিক্ৰম নাথে। আবেদনকাৰীৰ অধিবক্তাই বিমানৰ ভাড়া অত্যধিক বৃদ্ধি পোৱা আৰু বিমান যাত্ৰা এক অত্যাৱশ্যকীয় সেৱা বুলি যুক্তি দাঙি ধৰাৰ সময়তে ন্যায়াধীশগৰাকীয়ে কয়, “বিমানেৰে যাত্ৰা নকৰিব। পৰৱৰ্তী গোচৰ।”

সোমবাৰে উচ্চতম ন্যায়ালয়ত গোচৰটো জৰুৰীভাৱে তালিকাভুক্ত কৰাৰ বাবে উল্লেখ কৰা হৈছিল। অধিবক্তাগৰাকীয়ে আদালতক জনায় যে বিমানৰ ভাড়া ৭০০ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে। বিমান যাত্ৰা অত্যাৱশ্যকীয় সেৱা বুলি উল্লেখ কৰি তেওঁ বিষয়টোত আদালতৰ হস্তক্ষেপ বিচাৰে। কিন্তু ন্যায়াধীশ বিক্ৰম নাথে বিষয়টো আগবঢ়াই নিয়াৰ পৰিৱৰ্তে পৰৱৰ্তী গোচৰলৈ যায়।

উল্লেখ্য যে, উৎসৱ, বন্ধৰ দিন আৰু জৰুৰীকালীন পৰিস্থিতিত বিমান সংস্থাসমূহে চাহিদাৰ ভিত্তিত ভাড়া হঠাতে বৃদ্ধি কৰাৰ অভিযোগেৰে আবেদনখন দাখিল কৰা হৈছিল। এই ধৰণৰ ভাড়া বৃদ্ধিত নিয়ন্ত্ৰণ আনিবলৈ নিৰ্দেশনা প্ৰস্তুত কৰাৰ দাবী জনোৱা হৈছিল।

একেধৰণৰ বিষয়ত এছ লক্ষ্মীনাৰায়ণে দাখিল কৰা এখন জনস্বাৰ্থজড়িত আবেদন ইতিমধ্যে ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠত বিচাৰাধীন হৈ আছে।

উল্লেখ্য যে, সোমবাৰে অধিবক্তাই গোচৰটো জৰুৰী শুনানিৰ বাবে উল্লেখ কৰিলেও এই পৰ্যায়ত উচ্চতম ন্যায়ালয়ে কোনো নিৰ্দেশ জাৰি কৰা নাই।