ৰাহুল গান্ধীৰ পাৰিবাৰিক স্মৃতিচাৰণ আৰু আমেৰিকাত কৰা মন্তব্যক কেন্দ্ৰ কৰি বিজেপি নেতাসকলৰ সমালোচনা তীব্ৰ হৈছে।
‘ৰাহুল গান্ধীৰ মাজত পৰিপক্বতাৰ অভাৱ’-২০২৬ ৰ ১৮ নৱেম্বৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সামাজিক মাধ্যম এক্স (X) যোগে কয় যে ৰাহুল গান্ধীৰ মাজত পৰিপক্বতাৰ অভাৱ আছে।
কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ মাজত পৰিপক্বতাৰ অভাৱ আছে বুলি মন্তব্য কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
শেহতীয়াকৈ ৰাহুল গান্ধীয়ে পিতৃ-মাতৃৰ ব্যক্তিগত জীৱনৰ স্মৃতি আৰু আমেৰিকাত ভাৰতৰ অৰ্থনীতি তথা নিবনুৱা সমস্যাক লৈ কৰা মন্তব্যক কেন্দ্ৰ কৰি বিজেপি নেতাসকলৰ সমালোচনা অব্যাহত আছে।
১৬ নৱেম্বৰত মাতৃ ছোনিয়া গান্ধীৰ গ্ৰন্থ ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ৰ উন্মোচনী অনুষ্ঠানত ৰাহুল গান্ধীয়ে পিতৃ ৰাজীৱ গান্ধী আৰু মাতৃ ছোনিয়া গান্ধীৰ আন্তৰিক সম্পৰ্কৰ শৈশৱৰ স্মৃতি সুঁৱৰিছিল।
newznow.in