ৰামলীলা ময়দানত প্ৰতিবাদী কাৰ্যসূচীৰ ফলত ব্যৱসায়-বাণিজ্য আৰু জীৱিকাত প্ৰভাৱ পৰাৰ অভিযোগত কংগ্ৰেছ, এএপিসহ চাৰি সংগঠনলৈ জাননী জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।
নতুন দিল্লী, ১৮ নৱেম্বৰ: দিল্লীৰ ৰামলীলা ময়দানত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ ফলত ব্যৱসায়-বাণিজ্য আৰু সাধাৰণ লোকৰ জীৱিকাত প্ৰভাৱ পৰাৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা এক আবেদনৰ ভিত্তিত…
বুধবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠখনে কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰৰ পৰাও উত্তৰ বিচাৰিছে।
দিল্লীৰ কিৰানা কমিটি আৰু চান্দনী চকস্থিত দিল্লী আইৰন এণ্ড হাৰ্ডৱেৰ মাৰ্চেণ্টছ এছ'চিয়েচনে আবেদনখন দাখিল কৰিছিল।
আবেদনত কোৱা হৈছে যে, ৰামলীলা ময়দানৰ চৌপাশে কনট প্লেচ, চান্দনী চক, চাৱৰি বজাৰ, খাৰী বাওলি আৰু সদৰ বজাৰৰ দৰে গুৰুত্বপূৰ্ণ ব্যৱসায়িক অঞ্চল আছে।
newznow.in