নতুন দিল্লী, ১৮ নৱেম্বৰ: দিল্লীৰ ৰামলীলা ময়দানত প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ ফলত ব্যৱসায়-বাণিজ্য আৰু সাধাৰণ লোকৰ জীৱিকাত প্ৰভাৱ পৰাৰ অভিযোগ উত্থাপন কৰি দাখিল কৰা এক আবেদনৰ ভিত্তিত কংগ্ৰেছ, আম আদমী পাৰ্টি, ককৰোচ জনতা পাৰ্টি আৰু অল ইণ্ডিয়া ষ্টুডেণ্টছ ইউনিয়নলৈ জাননী জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।
বুধবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠখনে কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰৰ পৰাও উত্তৰ বিচাৰিছে। বিচাৰপীঠখনত ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাও আছে। বিষয়টো দুসপ্তাহৰ পিছত পুনৰ শুনানিৰ বাবে গ্ৰহণ কৰা হ'ব।
দিল্লীৰ কিৰানা কমিটি আৰু চান্দনী চকস্থিত দিল্লী আইৰন এণ্ড হাৰ্ডৱেৰ মাৰ্চেণ্টছ এছ'চিয়েচনে আবেদনখন দাখিল কৰিছিল। সংগঠন দুটাই অভিযোগ কৰিছে যে, ৰামলীলা ময়দানত প্ৰতিবাদ অনুষ্ঠিত হোৱাৰ ফলত ওচৰ-পাজৰৰ বজাৰসমূহৰ ব্যৱসায়ত ব্যাঘাত জন্মিছে আৰু স্থানীয় বাসিন্দাসকলৰ যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে।
আবেদনত কোৱা হৈছে যে, ৰামলীলা ময়দানৰ চৌপাশে কনট প্লেচ, চান্দনী চক, চাৱৰি বজাৰ, খাৰী বাওলি আৰু সদৰ বজাৰৰ দৰে গুৰুত্বপূৰ্ণ ব্যৱসায়িক অঞ্চল আছে। এই অঞ্চলসমূহত বৃহৎ সংখ্যক ব্যৱসায়ী, কৰ্মচাৰী, ক্ষুদ্ৰ বিক্ৰেতা আৰু শ্ৰমিক জড়িত হৈ আছে। প্ৰতিবাদৰ স্থান নিৰ্ধাৰণৰ পূৰ্বে ইয়াৰ প্ৰভাৱৰ যথাযথ মূল্যায়ন কৰা হোৱা নাছিল বুলি সংগঠন দুটাই অভিযোগ কৰিছে।
আবেদনকাৰীসকলে ১৬ অক্টোবৰত কনট প্লেচত চিজেপিৰ উদ্যোগত প্ৰস্তাৱিত ‘লেহৰা দো তিৰংগা’ সমদলৰ কথাও উল্লেখ কৰিছে। এই কাৰ্যসূচীত এআইএছএয়ো অংশগ্ৰহণ কৰাৰ কথা আছিল। পৰৱৰ্তী সময়ত ১ নৱেম্বৰত ৰামলীলা ময়দানত কংগ্ৰেছে অনুষ্ঠিত কৰা সমাৱেশৰ পিছত প্ৰতিবাদস্থল হিচাপে ময়দানখনৰ উপযুক্ততাক লৈ উদ্বেগ অধিক বৃদ্ধি পোৱা বুলি আবেদনত উল্লেখ কৰা হৈছে।
ব্যৱসায়ী সংগঠনসমূহে দাবী কৰিছে যে, ২০২৬ চনৰ অক্টোবৰ মাহৰ পৰা ২০২৭ চনৰ জানুৱাৰী মাহলৈ উৎসৱৰ বতৰত দিল্লীত প্ৰতিদিনে প্ৰায় ৫০০ৰ পৰা ৬০০ কোটি টকাৰ ব্যৱসায় হয়। প্ৰতিবাদৰ ফলত ইয়াৰে প্ৰায় ২৫০ কোটি টকাৰ ব্যৱসায় প্ৰতিদিনে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছে বুলি তেওঁলোকে জনাইছে। প্ৰায় ১০ লাখ ব্যৱসায়িক প্ৰতিষ্ঠান, এক কোটি জীৱিকা আৰু বাহিৰৰ পৰা অহা প্ৰায় পাঁচ লাখ ব্যৱসায়ী এই ব্যৱস্থাৰ সৈতে জড়িত বুলিও আবেদনত দাবী কৰা হৈছে।
অৱশ্যে আবেদনকাৰীসকলে শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবী জনোৱা নাই। প্ৰতিবাদৰ স্থান, সময়সীমা, অংশগ্ৰহণকাৰীৰ সংখ্যা, যান-বাহন চলাচল আৰু বজাৰ তথা আৱাসিক অঞ্চললৈ যাতায়াতৰ ক্ষেত্ৰত সুস্পষ্ট ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী জনাইছে তেওঁলোকে।
১৬ অক্টোবৰত কনট প্লেচৰ চেণ্ট্ৰেল পাৰ্ক বন্ধ ৰখাৰ বাবে নতুন দিল্লী পৌৰ পৰিষদে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই ব্যৱসায়ী সংগঠনসমূহে প্ৰথমে আদালতৰ কাষ চাপিছিল। ৩ নৱেম্বৰৰ শুনানিত সৰ্বোচ্চ ন্যায়ালয়ে প্ৰতিবাদৰ আহ্বান জনোৱা সংগঠনসমূহক গোচৰটোত পক্ষভুক্ত কৰা হৈছে নে নাই বুলি প্ৰশ্ন কৰিছিল। তাৰ পিছতে কংগ্ৰেছ, এএপি, চিজেপি আৰু এআইএছএক গোচৰটোত অন্তৰ্ভুক্ত কৰা হয়।