ধন সৰবৰাহৰ গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন জামিন লাভ কৰাৰ পিছত বুধবাৰে দাসনা কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে আজম খানে।
সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা আজম খানে অৱশেষত গাজিয়াবাদৰ দাসনা কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছে।
আদালতৰ এই সকাহৰ পূৰ্বে মঙলবাৰে উচ্চতম ন্যায়ালয়ে ভুৱা জন্ম প্ৰমাণ-পত্ৰৰ গোচৰত আজম খানৰ দোষী সাব্যস্ত হোৱাৰ নিৰ্দেশ স্থগিত ৰখাৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ চৰকাৰে দাখিল কৰা আবেদন খাৰিজ কৰিছিল।
ধন সৰবৰাহৰ গোচৰত বলপূৰ্বকভাৱে গ্ৰেপ্তাৰ কৰাৰ প্ৰক্ৰিয়াক লৈ আজম খানে আদালতৰ কাষ চাপিছিল।
উল্লেখ্য যে, যোৱা ৩১ অক্টোবৰত আন এটা গোচৰত জামিন লাভ কৰি ৰামপুৰ কাৰাগাৰৰ পৰা ওলাই অহাৰ কিছু সময়ৰ পিছতে ইডিয়ে আজম খানক পুনৰ গ্ৰেপ্তাৰ কৰিছিল।
newznow.in