ভাৰত মণ্ডপমত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বৈঠকত চৰকাৰী আঁচনিৰ অগ্ৰগতি, ‘বিকশিত ভাৰত ২০৪৭’ আৰু নিচাবিৰোধী অভিযানৰ পৰ্যালোচনা কৰা হয়।
নতুন দিল্লী, ১৮ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বৈঠক প্ৰায় চাৰে তিনি ঘণ্টা ধৰি চলে।
ফিলিপাইনছৰ ৰাজধানী মেনিলাত অনুষ্ঠিত ৪৯সংখ্যক ASEAN সন্মিলনত অংশগ্ৰহণ কৰি দেশলৈ উভতি অহাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে এই বৈঠকত মিলিত হয়।
বৈঠকত মোদীয়ে প্ৰতিটো বিভাগৰ মন্ত্ৰীক চৰকাৰী আঁচনিৰ সুফল যাতে পোনপটীয়াকৈ আৰু সহজে জনসাধাৰণে লাভ কৰে, তাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে।
ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত চিন্তন শিবিৰত মন্ত্ৰীসকলক দিয়া লক্ষ্য আৰু দায়িত্বসমূহৰ অগ্ৰগতিৰো মূল্যায়ন কৰা হয়।
newznow.in