নতুন দিল্লী, ১৮ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ বৈঠক প্ৰায় চাৰে তিনি ঘণ্টা ধৰি চলে। বৈঠকত চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতি, অসমাপ্ত কাম, ভৱিষ্যৎ পৰিকল্পনা আৰু চৰকাৰৰ প্ৰধান অগ্ৰাধিকাৰৰ বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা হয়।
ফিলিপাইনছৰ ৰাজধানী মেনিলাত অনুষ্ঠিত ৪৯সংখ্যক ASEAN সন্মিলনত অংশগ্ৰহণ কৰি দেশলৈ উভতি অহাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে এই বৈঠকত মিলিত হয়। ১৬ আৰু ১৭ নৱেম্বৰত মেনিলাত অনুষ্ঠিত ASEAN সন্মিলনত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।
বৈঠকত মোদীয়ে প্ৰতিটো বিভাগৰ মন্ত্ৰীক চৰকাৰী আঁচনিৰ সুফল যাতে পোনপটীয়াকৈ আৰু সহজে জনসাধাৰণে লাভ কৰে, তাৰ ওপৰত বিশেষ গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে। পূৰ্বৰ বৈঠকৰ পিছত বিভিন্ন বিভাগে গ্ৰহণ কৰা কাম-কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে। অসমাপ্ত কামসমূহৰ হিচাপ লোৱাৰ লগতে আগন্তুক দিনৰ কৰ্মপন্থা সম্পৰ্কেও আলোচনা কৰা হয়।
ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত চিন্তন শিবিৰত মন্ত্ৰীসকলক দিয়া লক্ষ্য আৰু দায়িত্বসমূহৰ অগ্ৰগতিৰো মূল্যায়ন কৰা হয়। বৈঠকত চৰকাৰৰ প্ৰধান অগ্ৰাধিকাৰ আৰু বিভিন্ন আঁচনিৰ স্থিতি সন্দৰ্ভত তিনিটা গুৰুত্বপূৰ্ণ উপস্থাপন দাঙি ধৰা হয়। ইয়াৰ ভিতৰত দৰিদ্ৰতা নিৰ্মূল আৰু বাওঁপন্থী উগ্ৰবাদৰ সমাপ্তিৰ বিষয়েও আলোচনা কৰা হয়।
বৈঠকত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানৰ বিষয়টোও বিশেষভাৱে উত্থাপন হয়। দেশৰ যুৱ প্ৰজন্মক নিচাৰ কবলৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ শিথিলতা গ্ৰহণ নকৰিবলৈ মন্ত্ৰীসকলক আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।
আনহাতে, বৈঠকৰ অন্যতম মূল বিষয় আছিল ‘বিকশিত ভাৰত ২০৪৭’ৰ পৰিকল্পনা। ২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হ’বলৈ ইতিমধ্যে প্ৰস্তুত কৰা হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনাৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। এই লক্ষ্যত উপনীত হোৱাৰ বাবে গঠন কৰা সচিবসকলৰ ১০টা খণ্ডভিত্তিক গোটৰ কাম-কাজৰ বিষয়েও আলোচনা কৰা হয়।
বৈঠকত প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ প্ৰতিটো আঁচনিৰ সুফল যাতে সমাজৰ শেষৰজন ব্যক্তিলৈকে পৌঁছায়, সেই দিশত মন্ত্ৰীসকলক অধিক সক্ৰিয় হ’বলৈ নিৰ্দেশ দিয়ে। সুশাসনৰ লক্ষ্য কেৱল কাগজতে সীমাবদ্ধ নাৰাখি বাস্তৱত ৰূপায়ণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।