নৱম, দশম আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে জুবিন গাৰ্গৰ জীৱন-কাহিনী।
গুৱাহাটী, ১৮ নৱেম্বৰ: অসমৰ প্ৰয়াত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ জীৱন-কাহিনী ৰাজ্যৰ নৱম, দশম আৰু উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে।
জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি শইকীয়াই কয় যে, শিল্পীগৰাকী শাৰীৰিকভাৱে আমাৰ মাজত নাথাকিলেও তেওঁৰ সংগীত আৰু অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অসাধাৰণ অৱদানে তেওঁক জনসাধাৰণৰ হৃদয়ত অমৰ কৰি…
শইকীয়াই জনোৱা মতে, পাঠ্যপুথিত জীৱন-কাহিনী অন্তৰ্ভুক্ত কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে জুবিন গাৰ্গৰ জীৱন-যাত্ৰা, সৃষ্টিশীল অৱদান আৰু অসমীয়া সমাজৰ ওপৰত তেওঁৰ প্ৰভাৱৰ বিষয়ে জানিব পাৰিব।
তেওঁ লগতে কয় যে, জুবিন গাৰ্গৰ প্ৰথম মৃত্যু-বাৰ্ষিকী উপলক্ষে ২০২৬ চনৰ ১৯ ছেপ্টেম্বৰত বিজেপি অসম প্ৰদেশে ৰাজ্যজুৰি আয়োজন কৰা ৰক্তদান শিবিৰসমূহৰ জৰিয়তে মুঠ ১,৮৬৯ ইউনিট ৰক্ত সংগ্ৰহ কৰা হৈছিল।
newznow.in