ভিৰ নিয়ন্ত্ৰণৰ অভিযানত মহিলাক কেৱল মহিলা আৰক্ষীয়েহে চম্ভালিব লাগিব বুলি কোনো আইনী বাধ্যবাধকতা নাই বুলি উচ্চতম ন্যায়ালয়ত জনালে দিল্লী আৰক্ষীয়ে।
নতুন দিল্লী, ১৮ নৱেম্বৰ: ভিৰ নিয়ন্ত্ৰণৰ অভিযানৰ সময়ত মহিলা প্ৰতিবাদকাৰী বা আন মহিলাক কেৱল মহিলা আৰক্ষী বিষয়াইহে চম্ভালিব লাগিব বুলি কোনো আইনী বাধ্যবাধকতা নাই বুলি উচ্চতম ন্যায়ালয়ত…
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত অনুষ্ঠিত প্ৰতিবাদৰ সময়ত মহিলা প্ৰতিবাদকাৰী আৰু মহিলা সাংবাদিকক পুৰুষ আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপনৰ পাছতে আৰক্ষীয়ে এই…
নেটৱৰ্ক অৱ উইমেন ইন মিডিয়া, ইণ্ডিয়াৰ লগতে দিল্লী ইউনিয়ন অৱ জাৰ্নেলিষ্টছ, ফ্ৰী স্পিচ কালেক্টিভ আৰু কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্টছে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।
দিল্লী আৰক্ষীয়ে শপতনামাত উল্লেখ কৰে যে, মহিলাক তালাচী চলোৱা বা গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত মহিলা আৰক্ষীৰ উপস্থিতিৰ আইনী বিধান আছে।
newznow.in