নতুন দিল্লী, ১৮ নৱেম্বৰ: ভিৰ নিয়ন্ত্ৰণৰ অভিযানৰ সময়ত মহিলা প্ৰতিবাদকাৰী বা আন মহিলাক কেৱল মহিলা আৰক্ষী বিষয়াইহে চম্ভালিব লাগিব বুলি কোনো আইনী বাধ্যবাধকতা নাই বুলি উচ্চতম ন্যায়ালয়ত দাখিল কৰা শপতনামাত স্পষ্ট কৰিছে দিল্লী আৰক্ষীয়ে।
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত অনুষ্ঠিত প্ৰতিবাদৰ সময়ত মহিলা প্ৰতিবাদকাৰী আৰু মহিলা সাংবাদিকক পুৰুষ আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপনৰ পাছতে আৰক্ষীয়ে এই স্থিতি গ্ৰহণ কৰিছে।
নেটৱৰ্ক অৱ উইমেন ইন মিডিয়া, ইণ্ডিয়াৰ লগতে দিল্লী ইউনিয়ন অৱ জাৰ্নেলিষ্টছ, ফ্ৰী স্পিচ কালেক্টিভ আৰু কেৰালা ইউনিয়ন অৱ ৱৰ্কিং জাৰ্নেলিষ্টছে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আবেদনকাৰীসকলৰ হৈ অধিবক্তা আৰ্থী ৰাজনে যুক্তি আগবঢ়াইছিল।
দিল্লী আৰক্ষীয়ে শপতনামাত উল্লেখ কৰে যে, মহিলাক তালাচী চলোৱা বা গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত মহিলা আৰক্ষীৰ উপস্থিতিৰ আইনী বিধান আছে। কিন্তু এই বিধান ভিৰ নিয়ন্ত্ৰণৰ অভিযানৰ ক্ষেত্ৰত একেদৰে প্ৰযোজ্য নহয়। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ত তালাচী আৰু গ্ৰেপ্তাৰৰ ক্ষেত্ৰত মহিলাৰ বাবে নিৰ্দিষ্ট ব্যৱস্থা থাকিলেও ভিৰ নিয়ন্ত্ৰণত কেৱল মহিলা আৰক্ষীয়েহে মহিলাক চম্ভালিব লাগিব বুলি কোনো বাধ্যতামূলক বিধান নাই বুলি আৰক্ষীয়ে আদালতক জনায়।
প্ৰতিবাদস্থলীত মহিলা আৰক্ষী মোতায়েনৰ সিদ্ধান্ত পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল বুলি আৰক্ষীয়ে উল্লেখ কৰে। শালীনতা বজাই ৰখা, অপ্ৰয়োজনীয় সংঘাত এৰাই চলা আৰু উত্তেজনা প্ৰশমিত কৰাৰ দৰে বিষয় বিবেচনা কৰি এই সিদ্ধান্ত লোৱা হয়। ভিৰ নিয়ন্ত্ৰণৰ সময়ত পুৰুষ আৰক্ষীৰ উপস্থিতি বা তেওঁলোকৰ হস্তক্ষেপক কেৱল সেই কাৰণতে অসদাচৰণ বুলি গণ্য কৰিব নোৱাৰি বুলিও আৰক্ষীয়ে যুক্তি দিয়ে।
জৰুৰী পৰিস্থিতিত পুৰুষ আৰক্ষীয়ে প্ৰথম সঁহাৰিদাতা হিচাপে কাম কৰাৰ লগতে মহিলা আৰক্ষীক সহায় কৰিব পাৰে বুলিও শপতনামাত উল্লেখ কৰা হৈছে।
আৰক্ষীয়ে ১১ অক্টোবৰত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ বিষয়েও নিজৰ বক্তব্য দাঙি ধৰে। এই নিৰ্দেশ অনুসৰি প্ৰতিবাদৰ সময়ত সাংবাদিক, অধিবক্তা আৰু আন পেছাদাৰী ব্যক্তিক তেওঁলোকৰ কৰ্তব্য পালনত বাধা দিব নালাগে। কিন্তু এই নিৰ্দেশ ৰীল নিৰ্মাতা, ছ’চিয়েল মিডিয়া প্ৰভাৱশালী ব্যক্তি অথবা নিষিদ্ধ সমাৱেশত আৰক্ষীৰ বৈধ নিৰ্দেশ অমান্য কৰা লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় বুলি আৰক্ষীয়ে কয়।
সংবাদ মাধ্যমৰ ভূমিকাক আৰক্ষীয়ে সন্মান কৰে বুলি উল্লেখ কৰি শপতনামাত কোৱা হয় যে, প্ৰতিবাদস্থলীত কেমেৰা আৰু মাইক্ৰ’ফোন লৈ থকা একাংশ লোকে নিজকে সাংবাদিক বুলি পৰিচয় দিছিল। বৰ্তমানৰ আইন অনুসৰি ৰীল নিৰ্মাতা বা সমল নিৰ্মাতাসকলক ‘কৰ্মৰত সাংবাদিক’ হিচাপে স্বীকৃতি দিয়া হোৱা নাই। সাংবাদিক আৰু ৰীল নিৰ্মাতাৰ মাজত স্পষ্ট পাৰ্থক্য নিৰ্ধাৰণ কৰাটো কঠিন হৈ পৰিছিল বুলিও আৰক্ষীয়ে দাবী কৰে।
প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদকাৰীক আঁতৰাই আইন-শৃংখলা পুনৰুদ্ধাৰ কৰাই অভিযানৰ উদ্দেশ্য আছিল বুলি আৰক্ষীয়ে জনায়। সাংবাদিকসকলক তেওঁলোকৰ পেছাগত কৰ্তব্য পালনত বাধা দিয়াৰ কোনো উদ্দেশ্য নাছিল বুলিও আদালতক অৱগত কৰা হৈছে।