টীয়কত মাছ কঢ়িওৱা বাহন আগভেটি চালকৰ পৰা ২,০০০ টকা কাঢ়ি নিয়াৰ অভিযোগত বিজেপি যুৱ মৰ্চাৰ নেতা হিচাপে পৰিচিত চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
যোৰহাট, ১৮ নৱেম্বৰ: টীয়কত মাছ কঢ়িওৱা এখন বাহন আগভেটি চালকৰ পৰা ধন কাঢ়ি নিয়াৰ অভিযোগত বিজেপি যুৱ মৰ্চাৰ নেতা হিচাপে পৰিচিত চাৰিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
ঘটনাটো ১৮ নৱেম্বৰৰ পুৱতি নিশা প্ৰায় ২ বজাত টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত মেলেং মেটেলি টোল গেটৰ সমীপত সংঘটিত হৈছিল।
ইয়াৰ পিছতে বাহনখনৰ চালকজনক বলপূৰ্বকভাৱে ৰখাই তেওঁৰ পৰা ২,০০০ টকা কাঢ়ি নিয়াৰ লগতে অশ্লীল ভাষাৰে গালি-গালাজ কৰা হয় বুলি অভিযোগ উঠিছে।
ঘটনাৰ পাছত শিৱসাগৰৰ খাৰাগড় চেনছুৱা গাঁৱৰ গুণমণি বৰাই টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
newznow.in