যোৰহাট, ১৮ নৱেম্বৰ: টীয়কত মাছ কঢ়িওৱা এখন বাহন আগভেটি চালকৰ পৰা ধন কাঢ়ি নিয়াৰ অভিযোগত বিজেপি যুৱ মৰ্চাৰ নেতা হিচাপে পৰিচিত চাৰিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা লোককেইজন হ’ল লিটন বুঢ়াগোহাঁই, ত্ৰিশান্ত দত্ত, অৰিন্দম বৰা আৰু অসীম বুঢ়াগোহাঁই।
ঘটনাটো ১৮ নৱেম্বৰৰ পুৱতি নিশা প্ৰায় ২ বজাত টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত মেলেং মেটেলি টোল গেটৰ সমীপত সংঘটিত হৈছিল। অভিযোগ অনুসৰি, মাছ কঢ়িয়াই গন্তব্যস্থানলৈ গৈ থকা বাহনখনক এখন স্কৰপিঅ’ বাহনেৰে আগভেটি ধৰা হয়।
ইয়াৰ পিছতে বাহনখনৰ চালকজনক বলপূৰ্বকভাৱে ৰখাই তেওঁৰ পৰা ২,০০০ টকা কাঢ়ি নিয়াৰ লগতে অশ্লীল ভাষাৰে গালি-গালাজ কৰা হয় বুলি অভিযোগ উঠিছে।
ঘটনাৰ পাছত শিৱসাগৰৰ খাৰাগড় চেনছুৱা গাঁৱৰ গুণমণি বৰাই টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত অৰুণদম বৰুৱা, লিটন বুঢ়াগোহাঁই, অসীম বুঢ়াগোহাঁই আৰু ত্ৰিশান্ত দত্তৰ নাম উল্লেখ কৰা হৈছে।
এই সন্দৰ্ভত টীয়ক আৰক্ষী থানাত ১৪৬/২০২৬ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতাৰ ১২৬(২), ২৯৬, ৩(৫), ৩০৯(৪) আৰু ৩৫১(২) ধাৰাত গোচৰটো ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। গোচৰটোৰ তদন্তৰ দায়িত্ব উপ-পৰিদৰ্শক দেবেন্দ্ৰ শৰ্মাক দিয়া হৈছে।
এজাহাৰত উত্থাপিত ধন কাঢ়ি নিয়া আৰু আক্ৰমণাত্মক আচৰণৰ অভিযোগসমূহৰ সত্যতা তদন্ত আৰু পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ পাছতহে স্পষ্ট হ’ব।