এপ্ৰিলৰ পৰা আগষ্টলৈ জমা হোৱা ইন্ধন আৰু বিদ্যুৎ ক্ৰয়ৰ মাচুল এতিয়া গ্ৰাহকৰ বিলত উঠিব।
গুৱাহাটী, ২ নৱেম্বৰ: অসমৰ বিদ্যুৎ গ্ৰাহকৰ ওপৰত পৰিব পাৰে অতিৰিক্ত আৰ্থিক বোজা।
AERC-ৰ ৩০ অক্টোবৰৰ নিৰ্দেশ অনুসৰি, বানপানীজনিত বাধা আৰু অন্যান্য নিয়ন্ত্ৰণৰ বাহিৰৰ পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়ত এই অতিৰিক্ত মাচুল সংগ্ৰহ কৰিব পৰা নাছিল APDCL-এ।
এই ধন সংগ্ৰহৰ বাবে APDCL-এ পাঁচ মাহৰ এটা পৰিকল্পনা দাখিল কৰিছিল।
কিন্তু AERC-এ APDCL-ৰ এই নিৰ্দিষ্ট মাহিলি পৰিকল্পনা বা ৩.৮১ শতাংশ হাৰ অনুমোদন কৰা নাই।
newznow.in