দুচকীয়া বাহনৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ ৬০.১ শতাংশই হেলমেট নিপিন্ধা আৰোহী বুলি উল্লেখ কৰি অভিযান তীব্ৰতৰ কৰাৰ কথা জনাইছে মুখ্যমন্ত্ৰীয়ে।
দুচকীয়া বাহনৰ চালক আৰু আৰোহীৰ বাবে হেলমেট পৰিধানৰ নিয়ম কঠোৰভাৱে বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।
সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বক্তব্যত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, দুচকীয়া বাহনৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ ৬০.১ শতাংশই হেলমেট পৰিধান নকৰা আৰোহী।
গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত হেলমেট নিপিন্ধা চালক আৰু আৰোহীৰ সংখ্যা বৃদ্ধি পোৱাত চৰকাৰে পথ সুৰক্ষাৰ নীতি-নিৰ্দেশনা অধিক কঠোৰভাৱে বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে।
মুখ্যমন্ত্ৰীয়ে কয়, হেলমেট পৰিধান কেৱল আইন মানি চলাৰ বিষয় নহয়; ই প্ৰতিগৰাকী দুচকীয়া বাহন আৰোহীৰ জীৱন সুৰক্ষাৰ সৈতে জড়িত।
newznow.in