দুচকীয়া বাহনৰ চালক আৰু আৰোহীৰ বাবে হেলমেট পৰিধানৰ নিয়ম কঠোৰভাৱে বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। হেলমেট নপিন্ধিলে জৰিমনাৰ উপৰি কঠোৰ আইনী ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সতৰ্ক কৰি দিছে।

সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বক্তব্যত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, দুচকীয়া বাহনৰ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ ৬০.১ শতাংশই হেলমেট পৰিধান নকৰা আৰোহী। যান-বাহন আৰক্ষীৰ অভিযানত পোৱা এই পৰিসংখ্যা চিন্তাজনক বুলি তেওঁ উল্লেখ কৰে।

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত হেলমেট নিপিন্ধা চালক আৰু আৰোহীৰ সংখ্যা বৃদ্ধি পোৱাত চৰকাৰে পথ সুৰক্ষাৰ নীতি-নিৰ্দেশনা অধিক কঠোৰভাৱে বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে। এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহলৈ ইতিমধ্যে নিৰ্দেশনা জাৰি কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে কয়, হেলমেট পৰিধান কেৱল আইন মানি চলাৰ বিষয় নহয়; ই প্ৰতিগৰাকী দুচকীয়া বাহন আৰোহীৰ জীৱন সুৰক্ষাৰ সৈতে জড়িত। হেলমেট নপিন্ধা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে যান-বাহন পৰীক্ষা আৰু বিশেষ অভিযান অধিক তীব্ৰতৰ কৰিব।

কোনো ব্যক্তিয়ে আইন উলংঘা কৰি নিজৰ লগতে আনৰ জীৱন বিপদত পেলাব নোৱাৰিব। বৰ্তমানৰ অভিযান কেৱল আৰম্ভণিহে; জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত ই অব্যাহত থাকিব।

হেলমেট নিপিন্ধা দুচকীয়া বাহনৰ চালক আৰু আৰোহীৰ বিৰুদ্ধে বিশেষ অভিযান চলোৱাৰ লগতে হেলমেট পৰিধান নকৰা আৰোহীক ইন্ধন যোগান নকৰিবলৈ নিৰ্বাচিত পেট্ৰ'ল পাম্পসমূহলৈও কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। আনহাতে, গতি-সীমা নিৰ্ধাৰণ যন্ত্ৰ সংস্থাপন নকৰা বাহনৰ বিৰুদ্ধেও অভিযান অব্যাহত আছে।