খানাপাৰাত গানছ এন’ ৰ’জৰ সংগীতানুষ্ঠানৰ পাছত কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ কনিষ্টবলক প্ৰহাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে তিনিজনক গ্ৰেপ্তাৰ কৰিছে।
গুৱাহাটীৰ খানাপাৰাত Guns N’ Rosesৰ সংগীতানুষ্ঠানৰ পাছত কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ কনিষ্টবলক প্ৰহাৰ কৰাৰ অভিযোগক লৈ চাঞ্চল্য।
১৭ নৱেম্বৰৰ নিশা খানাপাৰাৰ শনি মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হয়।
কনিষ্টবলগৰাকীৰ অভিযোগ অনুসৰি, চলন্ত বাহনৰ মাজেৰে বিপজ্জনকভাৱে পথ পাৰ হ’বলৈ চেষ্টা কৰা এটা দলক তেওঁ বাধা দিছিল।
ঘটনাৰ পাছতে ডেকাই দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
newznow.in