গুৱাহাটী, ১৯ নৱেম্বৰ:
গুৱাহাটীৰ খানাপাৰাত Guns N’ Rosesৰ সংগীতানুষ্ঠানৰ পাছত কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ কনিষ্টবলক প্ৰহাৰ কৰাৰ অভিযোগক লৈ চাঞ্চল্য। ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।
খানাপাৰাত গানছ এন’ ৰ’জৰ সংগীতানুষ্ঠানৰ পাছত কৰ্তব্যৰত যান-বাহন আৰক্ষীৰ কনিষ্টবলক প্ৰহাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। আহত কনিষ্টবল টিংকুমণি ডেকা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।
১৭ নৱেম্বৰৰ নিশা খানাপাৰাৰ শনি মন্দিৰৰ সমীপত এই ঘটনা সংঘটিত হয়। সেই সময়ত দিছপুৰ যান-বাহন শাখাৰ কনিষ্টবল টিংকুমণি ডেকাই যান-জঁট নিয়ন্ত্ৰণৰ দায়িত্ব পালন কৰি আছিল।
কনিষ্টবলগৰাকীৰ অভিযোগ অনুসৰি, চলন্ত বাহনৰ মাজেৰে বিপজ্জনকভাৱে পথ পাৰ হ’বলৈ চেষ্টা কৰা এটা দলক তেওঁ বাধা দিছিল। যান-জঁট নিয়ন্ত্ৰণৰ বাবে এখন অটোৰিক্সা আঁতৰাবলৈ চেষ্টা কৰাৰ সময়তে দলটোৰ সৈতে তেওঁৰ বাক-বিতণ্ডা হয়। এগৰাকী যুৱতীয়ে তেওঁক চৰ মৰাৰ পাছত আন কেইবাজনো লোকে তেওঁক মাটিত পেলাই প্ৰহাৰ কৰে বুলি কনিষ্টবলগৰাকীয়ে অভিযোগ কৰিছে।
ঘটনাৰ পাছতে ডেকাই দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। তদন্ত চলাই আৰক্ষীয়ে সুশান্ত আচাৰ্য, সুৰুচি আচাৰ্য আৰু গুন্তছ সিঙক গ্ৰেপ্তাৰ কৰে। আদালতে তিনিওজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
ঘটনাটোৰ সৈতে জড়িত থকা বুলি সন্দেহ কৰা আন লোকসকলৰ সন্ধানতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কনিষ্টবলগৰাকীৰ আঘাতৰ গুৰুত্ব সন্দৰ্ভত বিতং তথ্য ৰাজহুৱা হোৱা নাই।