২০ নৱেম্বৰৰ পৰা আহ্বান জনোৱা ৪৮ ঘণ্টীয়া কৰ্মবিৰতি আৰু চকাবন্ধ কাৰ্যসূচীক সমৰ্থন নজনোৱাৰ কথা স্পষ্ট কৰিলে ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ্ছ ইউনিয়নে।
গুৱাহাটী, ১৯ নৱেম্বৰ: অসমৰ বেচৰকাৰী মটৰ শ্ৰমিক সন্থা আৰু মটৰ মালিক সন্থাসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত ২০ নৱেম্বৰ, ২০২৬ৰ পুৱা ৬ বজাৰ পৰা ২২ নৱেম্বৰ, ২০২৬ৰ পুৱা ৬ বজালৈ অনুষ্ঠিত হ'বলগীয়া…
ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে জনায় যে, উক্ত সময়ছোৱাত পৰ্যটক বাহনৰ মালিক-চালকসকলৰ লগতে বিভিন্ন ট্ৰেভেল এজেঞ্চীৰ বাহনসমূহে ভাৰতৰ বিভিন্ন ৰাজ্যত পৰ্যটক কঢ়িয়াই ভ্ৰমণ কৰি আছে।
এনে হঠাতে লোৱা সিদ্ধান্তক ইউনিয়নটোৰ উপৰি পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত আন কোনো ইউনিয়নেও সমৰ্থন কৰিব পৰা নাই বুলি আলীয়ে জনায়।
পৰ্যটক বাহনৰ ভাড়া বৃদ্ধিৰ দাবী বাহনৰ মালিক-চালকসকলে পোনপটীয়াকৈ চৰকাৰৰ ওচৰত উত্থাপন কৰিব নোৱাৰে বুলি উল্লেখ কৰি ইউনিয়নে কয় যে, সংশ্লিষ্ট ট্ৰেভেল এজেঞ্চীসমূহৰ জৰিয়তে এই দাবী উত্থাপন…
newznow.in