গুৱাহাটী, ১৯ নৱেম্বৰ: অসমৰ বেচৰকাৰী মটৰ শ্ৰমিক সন্থা আৰু মটৰ মালিক সন্থাসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত ২০ নৱেম্বৰ, ২০২৬ৰ পুৱা ৬ বজাৰ পৰা ২২ নৱেম্বৰ, ২০২৬ৰ পুৱা ৬ বজালৈ অনুষ্ঠিত হ'বলগীয়া ৪৮ ঘণ্টীয়া কৰ্মবিৰতি তথা চকাবন্ধ কাৰ্যসূচীক সমৰ্থন নজনোৱাৰ কথা স্পষ্ট কৰিছে ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ্ছ ইউনিয়নে।

ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে জনায় যে, উক্ত সময়ছোৱাত পৰ্যটক বাহনৰ মালিক-চালকসকলৰ লগতে বিভিন্ন ট্ৰেভেল এজেঞ্চীৰ বাহনসমূহে ভাৰতৰ বিভিন্ন ৰাজ্যত পৰ্যটক কঢ়িয়াই ভ্ৰমণ কৰি আছে। পৰ্যটকসকলে সাধাৰণতে ১৫ৰ পৰা ২০ দিনৰ বাবে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ আহে বুলি উল্লেখ কৰি তেওঁ কয় যে, হঠাতে কৰ্মবিৰতিৰ সিদ্ধান্ত ল'লে পৰ্যটকসকলৰ লগতে পৰ্যটন উদ্যোগৰ লগত জড়িত সকলো পক্ষই অসুবিধাৰ সন্মুখীন হ'ব।

এনে হঠাতে লোৱা সিদ্ধান্তক ইউনিয়নটোৰ উপৰি পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত আন কোনো ইউনিয়নেও সমৰ্থন কৰিব পৰা নাই বুলি আলীয়ে জনায়। যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে অসমৰ সকলো মটৰ শ্ৰমিক আৰু মালিক সংগঠনে একত্ৰিত হৈ আলোচনাৰ জৰিয়তে উমৈহতীয়া সিদ্ধান্ত লোৱাটো অত্যন্ত প্ৰয়োজনীয় বুলিও ইউনিয়নে মত প্ৰকাশ কৰে।

পৰ্যটক বাহনৰ ভাড়া বৃদ্ধিৰ দাবী বাহনৰ মালিক-চালকসকলে পোনপটীয়াকৈ চৰকাৰৰ ওচৰত উত্থাপন কৰিব নোৱাৰে বুলি উল্লেখ কৰি ইউনিয়নে কয় যে, সংশ্লিষ্ট ট্ৰেভেল এজেঞ্চীসমূহৰ জৰিয়তে এই দাবী উত্থাপন কৰাটো অধিক যুক্তিসংগত। এই ক্ষেত্ৰত ট্ৰেভেল এজেঞ্চীসমূহে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব বুলিও ইউনিয়নে মত প্ৰকাশ কৰে।

ইফালে, মটৰ শ্ৰমিক সংগঠনসমূহে বিভিন্ন সময়ত দাবী উত্থাপন কৰি অহা মটৰ শ্ৰমিকৰ কল্যাণমূলক আঁচনিৰ পঞ্জীয়নৰ কাম অহা ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব বুলি চৰকাৰী সূত্ৰে জানিব পৰা গৈছে।