ইন্দিৰা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক স্মৰণ কৰে।
নতুন দিল্লী, ১৯ নৱেম্বৰ: প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে বৃহস্পতিবাৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
সামাজিক মাধ্যম এক্সত দিয়া এক বাৰ্তাত মোদীয়ে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অৱদান স্মৰণ কৰি জন্মদিনত শ্ৰদ্ধা নিবেদন কৰে।
ইফালে, কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই ইন্দিৰা গান্ধীক স্মৰণ কৰে।
কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ইন্দিৰা গান্ধীক ‘টাইগ্ৰেছ’ আখ্যা দি তেওঁৰ দৰে নেতা আৰু নাহিব বুলি মন্তব্য কৰে।
newznow.in