নতুন দিল্লী, ১৯ নৱেম্বৰ: প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে বৃহস্পতিবাৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
সামাজিক মাধ্যম এক্সত দিয়া এক বাৰ্তাত মোদীয়ে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অৱদান স্মৰণ কৰি জন্মদিনত শ্ৰদ্ধা নিবেদন কৰে।
ইফালে, কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই ইন্দিৰা গান্ধীক স্মৰণ কৰে। লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে আইতাক ইন্দিৰা গান্ধীৰ সৈতে জড়িত এক স্মৃতিৰ কথা উল্লেখ কৰি সামাজিক মাধ্যমত আৱেগিক বাৰ্তা প্ৰকাশ কৰে। তেওঁ ইন্দিৰা গান্ধীক সাহসী, দৃঢ়মনা আৰু মৰমেৰে ভৰা ব্যক্তি হিচাপে স্মৰণ কৰে। পৰিয়ালৰ মহিলাসকলৰ মাজত তেওঁৰ শক্তি আৰু প্ৰেৰণাৰ প্ৰতিফলন দেখা যায় বুলিও ৰাহুল গান্ধীয়ে উল্লেখ কৰে।
কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ইন্দিৰা গান্ধীক ‘টাইগ্ৰেছ’ আখ্যা দি তেওঁৰ দৰে নেতা আৰু নাহিব বুলি মন্তব্য কৰে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছোনিয়া গান্ধীসহ দলটোৰ আন জ্যেষ্ঠ নেতাসকলে নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় হলত ইন্দিৰা গান্ধীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে।
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক ‘আইৰণ লেডী’ বুলি অভিহিত কৰি তেওঁৰ অৱদান স্মৰণ কৰে। কৃষি, বেংকিং, মহাকাশ আৰু পাৰমাণৱিক কাৰ্যসূচীৰ ক্ষেত্ৰত ইন্দিৰা গান্ধীৰ কাৰ্যকালত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথাও তেওঁ উল্লেখ কৰে।
১৯১৭ চনৰ ১৯ নৱেম্বৰত উত্তৰ প্ৰদেশৰ এলাহাবাদত জন্মগ্ৰহণ কৰা ইন্দিৰা গান্ধী ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আছিল। ১৯৬৬ চনৰ পৰা ১৯৭৭ চনলৈ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ পাছত ১৯৮০ চনত তেওঁ পুনৰ ক্ষমতালৈ উভতি আহিছিল। ১৯৮৪ চনত হত্যাৰ বলি হোৱালৈকে তেওঁ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত আছিল। তেওঁৰ মৃত্যুৰ পাছত পুত্ৰ ৰাজীৱ গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল।