শিৱসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ নামফলকত শুদ্ধ অসমীয়া ভাষা ব্যৱহাৰৰ দাবী জনাইছে জাতীয় সংগ্ৰামী সেনা, অসমে।
ৰাজ্যৰ চৰকাৰী ভাষা আইন উলংঘা কৰি নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ নকৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে আজি শিৱসাগৰত এক তীব্ৰ অভিযান চলায় জাতীয় সংগ্ৰামী সেনা, অসমে।
নামফলকত অসমীয়া ভাষা ব্যৱহাৰ নকৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে শিৱসাগৰত অভিযান চলাইছে জাতীয় সংগ্ৰামী সেনা, অসমে।
অভিযানৰ সময়ত সংগঠনটোৱে জিলাখনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানক অহা ৩০ দিনৰ ভিতৰত নিজ নিজ নামফলকত স্পষ্টভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ সময়সীমা বান্ধি দিয়ে।
জাতীয় সংগ্ৰামী সেনা, অসমৰ সভাপতি চিতু বৰুৱাই কয় যে, অসমত ব্যৱসায় কৰা প্ৰতিটো প্ৰতিষ্ঠানেই অসমীয়া ভাষা-সংস্কৃতিক সন্মান জনাব লাগিব।
newznow.in