শিৱসাগৰ, ১৯ নৱেম্বৰ:

ৰাজ্যৰ চৰকাৰী ভাষা আইন উলংঘা কৰি নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ নকৰা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে আজি শিৱসাগৰত এক তীব্ৰ অভিযান চলায় জাতীয় সংগ্ৰামী সেনা, অসমে। সংগঠনটোৰ নেতৃত্বই চহৰখনৰ বিভিন্ন প্ৰান্তত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পৰিদৰ্শন কৰি নাম ফলকসমূহ পৰীক্ষা কৰে।

নামফলকত অসমীয়া ভাষা ব্যৱহাৰ নকৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে শিৱসাগৰত অভিযান চলাইছে জাতীয় সংগ্ৰামী সেনা, অসমে। সংগঠনটোৰ নেতৃত্বই চহৰখনৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়িক প্ৰতিষ্ঠান পৰিদৰ্শন কৰি নামফলকসমূহ পৰীক্ষা কৰে।

অভিযানৰ সময়ত সংগঠনটোৱে জিলাখনৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানক অহা ৩০ দিনৰ ভিতৰত নিজ নিজ নামফলকত স্পষ্টভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ সময়সীমা বান্ধি দিয়ে। নামফলকত অসমীয়া আখৰ শুদ্ধ আৰু দৃশ্যমানভাৱে লিখাৰ ওপৰতো সংগঠনটোৱে গুৰুত্ব আৰোপ কৰে।

জাতীয় সংগ্ৰামী সেনা, অসমৰ সভাপতি চিতু বৰুৱাই কয় যে, অসমত ব্যৱসায় কৰা প্ৰতিটো প্ৰতিষ্ঠানেই অসমীয়া ভাষা-সংস্কৃতিক সন্মান জনাব লাগিব। নিৰ্ধাৰিত সময়ৰ ভিতৰত কোনো প্ৰতিষ্ঠানে নামফলকত অসমীয়া ভাষা ব্যৱহাৰ নকৰিলে তেনে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিবলৈ সংগঠনটো বাধ্য হ'ব বুলি তেওঁ সকীয়াই দিয়ে।

“নিৰ্ধাৰিত ৩০ দিনৰ ভিতৰত নামফলকত অসমীয়া ভাষা ব্যৱহাৰ নকৰিলে তেনে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হ'ব।” — চিতু বৰুৱা

ইফালে, শিৱসাগৰৰ চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়ৰ নামফলকতো শুদ্ধ অসমীয়া ভাষা ব্যৱহাৰ নিশ্চিত কৰিবলৈ সংগঠনটোৱে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে। নামফলকত অসমীয়া আখৰ ভুলকৈ অথবা অতি সৰু আখৰত লিখাৰ প্ৰৱণতা বন্ধ কৰিবলৈও সংগঠনটোৱে আহ্বান জনায়।