পূব ইম্ফলৰ লামলাই চালৌত সেনাৰ বাহন ইতাম নদীত পৰি চিপাহী মালি জয়েশ হিম্মতৰ মৃত্যু হৈছে।
মণিপুৰত সংঘটিত দুৰ্ঘটনাত মৃত জোৱানৰ সংখ্যা দুজনলৈ বৃদ্ধি।
বুধবাৰে দুপৰীয়া প্ৰায় ২ বজাত অষ্টম বিহাৰ ৰেজিমেণ্টৰ জোৱানসকলক কঢ়িয়াই নিয়া এখন সেনাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই লামলাই চালৌ অঞ্চলৰ ইতাম নদীত বাগৰি পৰে।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ২৯ বছৰীয়া কেপ্টেইন হনুমান ৰামক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও বুধবাৰেই চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।
দুৰ্ঘটনাত আহত চিপাহী ৰাকেশ চাৰপাতে (৩৭) আৰু অগ্নিবীৰ অখিলেশ কুমাৰ শ্বাহ (১৯) বৰ্তমানো চিকিৎসাধীন হৈ আছে।
newznow.in