ইম্ফল, ১৯ নৱেম্বৰ:
মণিপুৰত সংঘটিত দুৰ্ঘটনাত মৃত জোৱানৰ সংখ্যা দুজনলৈ বৃদ্ধি। বুধবাৰে ইম্ফলৰ লামলাই চালৌত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাটো। চিকিৎসাধীন অৱস্থাত মৃত্যু মালি জয়েশ হিম্মত নামৰ জোৱানজনৰ। ঘটনাস্থলীতে মৃত্যু ঘটিছিল কেপ্টেইন হনুমান ৰামৰ। পূব ইম্ফলৰ নদীত পৰিছিল বিহাৰ ৰেজিমেণ্টৰ এখন বাহন। ঘটনাত আহত আন দুজন বৰ্তমানো চিকিৎসাধীন।
বুধবাৰে দুপৰীয়া প্ৰায় ২ বজাত অষ্টম বিহাৰ ৰেজিমেণ্টৰ জোৱানসকলক কঢ়িয়াই নিয়া এখন সেনাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই লামলাই চালৌ অঞ্চলৰ ইতাম নদীত বাগৰি পৰে।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত ২৯ বছৰীয়া কেপ্টেইন হনুমান ৰামক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও বুধবাৰেই চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। বৃহস্পতিবাৰে ২৪ বছৰীয়া চিপাহী মালি জয়েশ হিম্মতে ইম্ফলৰ ববিনা হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে।
দুৰ্ঘটনাত আহত চিপাহী ৰাকেশ চাৰপাতে (৩৭) আৰু অগ্নিবীৰ অখিলেশ কুমাৰ শ্বাহ (১৯) বৰ্তমানো চিকিৎসাধীন হৈ আছে।
বৃহস্পতিবাৰে ইম্ফল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মণিপুৰৰ মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিং আৰু ৰাজ্যপাল অজয় কুমাৰ ভল্লাই কেপ্টেইন হনুমান ৰাম আৰু চিপাহী মালি জয়েশ হিম্মতক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।