২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা মালয়েছিয়া ভ্ৰমণৰ বাবে ভাৰতীয় পাছপ’ৰ্টধাৰীৰ আগতীয়া ভিছা বাধ্যতামূলক হ’ব।
নতুন দিল্লী, ১৯ নৱেম্বৰ: ভাৰতীয় নাগৰিকৰ বাবে মালয়েছিয়াত চলি থকা ভিছামুক্ত প্ৰৱেশৰ সুবিধা ২০২৬ চনৰ ৩১ ডিচেম্বৰত শেষ হ’ব।
মালয়েছিয়াই ১৭ নৱেম্বৰত জাৰি কৰা জাননীৰ জৰিয়তে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।
ভিছাৰ বাবে ২০২৬ চনৰ ১ ডিচেম্বৰৰ পৰা মালয়েছিয়াৰ মাইভিছা অনলাইন পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব।
পৰ্যটন খণ্ডক উৎসাহিত কৰাৰ উদ্দেশ্যে মালয়েছিয়াই ২০২৩ চনৰ ডিচেম্বৰৰ পৰা ভাৰতীয় নাগৰিকৰ বাবে ৩০ দিনলৈ ভিছামুক্ত প্ৰৱেশৰ সুবিধা আৰম্ভ কৰিছিল।
newznow.in