নতুন দিল্লী, ১৯ নৱেম্বৰ: ভাৰতীয় নাগৰিকৰ বাবে মালয়েছিয়াত চলি থকা ভিছামুক্ত প্ৰৱেশৰ সুবিধা ২০২৬ চনৰ ৩১ ডিচেম্বৰত শেষ হ’ব। ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা মালয়েছিয়া ভ্ৰমণৰ পূৰ্বে ভাৰতীয় পাছপ’ৰ্টধাৰীসকলে বৈধ ভিছা সংগ্ৰহ কৰাটো বাধ্যতামূলক হ’ব।
মালয়েছিয়াই ১৭ নৱেম্বৰত জাৰি কৰা জাননীৰ জৰিয়তে এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। নতুন নিয়ম অনুসৰি, ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা দেশখনত প্ৰৱেশ কৰিব বিচৰা ভাৰতীয় নাগৰিকসকলে আগতীয়াকৈ ভিছাৰ ব্যৱস্থা কৰিব লাগিব।
ভিছাৰ বাবে ২০২৬ চনৰ ১ ডিচেম্বৰৰ পৰা মালয়েছিয়াৰ মাইভিছা অনলাইন পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। বিভাগটোৱে জনোৱা অনুসৰি, আবেদন প্ৰক্ৰিয়াৰ বাবে পৰিশোধ কৰা মাচুল কোনো পৰিস্থিতিতে ঘূৰাই দিয়া নহ’ব। আবেদন অনুমোদিত হওক বা নাকচ হওক, অথবা ভ্ৰমণৰ পৰিকল্পনা সলনি হ’লেও মাচুল উভতাই পোৱা নাযাব।
পৰ্যটন খণ্ডক উৎসাহিত কৰাৰ উদ্দেশ্যে মালয়েছিয়াই ২০২৩ চনৰ ডিচেম্বৰৰ পৰা ভাৰতীয় নাগৰিকৰ বাবে ৩০ দিনলৈ ভিছামুক্ত প্ৰৱেশৰ সুবিধা আৰম্ভ কৰিছিল। এই সুবিধাৰ অধীনত পৰ্যটন, সামাজিক সাক্ষাৎ আৰু নিৰ্দিষ্ট ভ্ৰমণৰ উদ্দেশ্যে ভাৰতীয় পাছপ’ৰ্টধাৰীসকলে ৩০ দিনলৈ দেশখনত থাকিব পাৰিছিল।
এই সিদ্ধান্তৰ প্ৰায় দুমাহ পূৰ্বে কুৱালালামপুৰস্থিত ভাৰতীয় উচ্চায়ুক্তই মালয়েছিয়ালৈ যোৱা ভাৰতীয় নাগৰিকসকলক ভিছামুক্ত প্ৰৱেশৰ সুবিধাৰ অপব্যৱহাৰ নকৰিবলৈ সতৰ্ক কৰিছিল। পৰ্যটকৰ ভিছা অথবা ভিছামুক্ত প্ৰৱেশৰ সুবিধা লৈ চাকৰি বিচৰাৰ প্ৰৱণতা বৃদ্ধি পোৱা বুলি উচ্চায়ুক্তই উদ্বেগ প্ৰকাশ কৰিছিল।
একাংশ ভাৰতীয় নাগৰিকক ভুৱা চাকৰিৰ প্ৰতিশ্ৰুতি দি অসাধু এজেণ্টে মালয়েছিয়ালৈ লৈ যোৱাৰ অভিযোগো উত্থাপন হৈছিল। ইয়াৰ ফলত নিৰ্ধাৰিত সময়তকৈ অধিক দিন থাকি যোৱা, অবৈধভাৱে বসবাস, শোষণ, আটক আৰু আইনী ব্যৱস্থাৰ সন্মুখীন হোৱাৰ আশংকা থাকে বুলি উচ্চায়ুক্তই উল্লেখ কৰিছিল। পৰ্যটনৰ উদ্দেশ্যে দিয়া ভিছামুক্ত সুবিধা ব্যৱহাৰ কৰি চাকৰি বিচৰাটো মালয়েছিয়াৰ অভিবাসন নিয়মৰ উলংঘা বুলিও উচ্চায়ুক্তই স্পষ্ট কৰিছিল।