ব্ৰাজিলৰ আমাজন অৰণ্যত বিচ্ছিন্ন জীৱন কটোৱা প্ৰায় ২০জন আওয়া আদিবাসী খাদ্যৰ সন্ধানত এখন গাঁৱলৈ আহি উপস্থিত হয়।
ব্ৰাজিল, ১৯ নৱেম্বৰ: ব্ৰাজিলৰ আমাজন বৰ্ষাৰণ্যত বাহিৰৰ সমাজৰ পৰা বিচ্ছিন্ন হৈ বাস কৰি অহা আওয়া জনগোষ্ঠীৰ প্ৰায় ২০জন লোক অৰণ্যৰ পৰা ওলাই এখন গাঁৱত উপস্থিত হয়।
লোকসকলে উত্তৰ-পূব ব্ৰাজিলৰ মাৰানিয়াও ৰাজ্যৰ আৰাৰিবোইয়া আদিবাসী অঞ্চলৰ এখন গাঁৱত উপস্থিত হৈ চৰকাৰী প্ৰতিনিধিৰ সৈতে যোগাযোগ স্থাপন কৰে।
স্থানীয় গাঁওবাসীয়ে দলটোক খাদ্য আগবঢ়ায়।
আওয়া জনগোষ্ঠীৰ লোকসকলে সাধাৰণতে চিকাৰ আৰু বনজ সম্পদ সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে।
newznow.in