ব্ৰাজিল, ১৯ নৱেম্বৰ: ব্ৰাজিলৰ আমাজন বৰ্ষাৰণ্যত বাহিৰৰ সমাজৰ পৰা বিচ্ছিন্ন হৈ বাস কৰি অহা আওয়া জনগোষ্ঠীৰ প্ৰায় ২০জন লোক অৰণ্যৰ পৰা ওলাই এখন গাঁৱত উপস্থিত হয়। সোমবাৰে সংঘটিত এই ঘটনাক আদিবাসী অধিকাৰ সংগঠন ছাৰ্ভাইভেল ইণ্টাৰনেচনেলে ঐতিহাসিক যোগাযোগ বুলি অভিহিত কৰিছে।
লোকসকলে উত্তৰ-পূব ব্ৰাজিলৰ মাৰানিয়াও ৰাজ্যৰ আৰাৰিবোইয়া আদিবাসী অঞ্চলৰ এখন গাঁৱত উপস্থিত হৈ চৰকাৰী প্ৰতিনিধিৰ সৈতে যোগাযোগ স্থাপন কৰে। এই অঞ্চলত গুৱাজাজাৰা জনগোষ্ঠীৰ লোকসকলৰো বসতি আছে।
স্থানীয় গাঁওবাসীয়ে দলটোক খাদ্য আগবঢ়ায়। ছাৰ্ভাইভেল ইণ্টাৰনেচনেলৰ মতে, তেওঁলোকে আলু বিচাৰিছিল আৰু সেইবোৰ পুনৰ নিজৰ অৰণ্যলৈ লৈ গৈছিল।
আওয়া জনগোষ্ঠীৰ লোকসকলে সাধাৰণতে চিকাৰ আৰু বনজ সম্পদ সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে। কিন্তু তেওঁলোকৰ বসতিস্থলত অবৈধ কাঠ কটা লোক, চিকাৰী আৰু পশুপালকৰ অনুপ্ৰৱেশ বৃদ্ধি পোৱাত পৰম্পৰাগত জীৱনধাৰা আৰু অৰণ্যৰ ওপৰত নিৰ্ভৰশীলতা সংকটত পৰিছে।
গুৱাজাজাৰা গাঁওবাসীয়ে প্ৰস্তুত কৰা এটা ভিডিঅ’ত অৰণ্যৰ কাষত পুৰুষ, মহিলা আৰু শিশুৰ দলটোক দেখা গৈছে। মাৰানিয়াওৰ আদিবাসী গোটসমূহৰ প্ৰতিনিধি সংগঠন কোআপিমাই জনোৱা মতে, দলটোৰ কেইবাজনো সদস্যৰ, বিশেষকৈ শিশু আৰু বয়োজ্যেষ্ঠসকলৰ শৰীৰত অত্যধিক ক্ষীণতাৰ লক্ষণ দেখা গৈছে।
বাহিৰৰ লোকৰ সৈতে অপৰিকল্পিত সংস্পৰ্শৰ ফলত ৰোগ সংক্ৰমণৰ আশংকাও প্ৰকাশ কৰা হৈছে। বাহিৰৰ বহু ৰোগৰ বিৰুদ্ধে তেওঁলোকৰ শৰীৰত প্ৰয়োজনীয় প্ৰতিৰোধ ক্ষমতা নাথাকিব পাৰে বুলি সংগঠনটোৱে আশংকা কৰিছে। ব্ৰাজিলৰ আদিবাসী বিষয়ক চৰকাৰী সংস্থা ফুনাইয়ে জনাইছে যে, কাৰিকৰী দলসমূহে পৰিস্থিতিৰ ওপৰত নিবিড় নজৰ ৰাখিছে আৰু দলটোৰ স্বাস্থ্য সম্পৰ্কীয় উপলব্ধ তথ্য পৰীক্ষা কৰি আছে।
অৰণ্যত স্বাৱলম্বীভাৱে জীৱন কটোৱা আদিবাসীসকল বাহিৰৰ লোকৰ অনুপ্ৰৱেশৰ ফলত বিপদৰ সন্মুখীন হৈছে। আওয়া জনগোষ্ঠীৰ লোকসকলৰ বসতিস্থল ক্ৰমাৎ সংকুচিত হৈ আহিছে আৰু চাৰিওফালে অৰণ্য ধ্বংসৰ প্ৰভাৱ বৃদ্ধি পাইছে বুলি ছাৰ্ভাইভেল ইণ্টাৰনেচনেলৰ সঞ্চালক কেৰ’লিন পিয়েৰছে কয়।
ছাৰ্ভাইভেল ইণ্টাৰনেচনেলৰ তথ্য অনুসৰি, বিশ্বৰ ১০খন দেশত স্বেচ্ছাই বিচ্ছিন্ন জীৱন কটোৱা প্ৰায় ১৯৬টা আদিবাসী জনগোষ্ঠী বা গোট চিনাক্ত কৰা হৈছে। ইয়াৰে ৯০ শতাংশতকৈ অধিক আমাজন বৰ্ষাৰণ্যত বাস কৰে।