স্বাস্থ্য

GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট, সুস্থ হৈ ঘৰলৈ উভতিল দাতা-গ্ৰহীতা

NewzNow · ১৯ নৱেম্বৰ ২০২৬

১ / ৫

জিএমচিএইচত প্ৰথমবাৰৰ বাবে সম্পন্ন হোৱা যকৃত সংৰোপণৰ ২৫ দিনৰ পাছত দাতা আৰু গ্ৰহীতাক চিকিৎসালয়ৰ পৰা ছুটি দিয়া হৈছে।

২ / ৫

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন হোৱা যকৃত সংৰোপণৰ পাছত দাতা আৰু গ্ৰহীতা দুয়োগৰাকী সুস্থ হৈ ঘৰলৈ উভতি গৈছে।

৩ / ৫

মন্ত্ৰীগৰাকীয়ে কয়, অস্ত্ৰোপচাৰৰ পাছত ২৫ দিন ধৰি পৰ্যবেক্ষণত ৰখাৰ অন্তত দুয়োগৰাকীকে চিকিৎসালয়ৰ পৰা ছুটি দিয়া হৈছে।

৪ / ৫

যোৱা অক্টোবৰ মাহত প্ৰায় ১৬ ঘণ্টা ধৰি চলা জটিল অস্ত্ৰোপচাৰত বেহাৰবাৰীৰ ৪৮ বছৰীয়া ভগত সিঙৰ দেহত তেওঁৰ কনিষ্ঠ ভগ্নীয়ে দান কৰা যকৃতৰ এটা অংশ সংৰোপণ কৰা হৈছিল।

৫ / ৫

এই অস্ত্ৰোপচাৰত তামিলনাডুৰ ডাঃ চেন্থিল কুমাৰ, আহমেদাবাদৰ ডাঃ ধৰ্মেন্দ্ৰ, দিল্লীৰ ডাঃ শ্বেতা সিঙৰ লগতে জিএমচিএইচৰ চিকিৎসক আৰু স্থানীয় সহায়ক দল জড়িত আছিল।

GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট, সুস্থ হৈ ঘৰলৈ উভতিল দাতা-গ্ৰহীতা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক