গুৱাহাটী, ১৯ নৱেম্বৰ:
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন হোৱা যকৃত সংৰোপণৰ পাছত দাতা আৰু গ্ৰহীতা দুয়োগৰাকী সুস্থ হৈ ঘৰলৈ উভতি গৈছে। বৃহস্পতিবাৰে জিএমচিএইচত অনুষ্ঠিত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত এই কথা জনায় স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে।
মন্ত্ৰীগৰাকীয়ে কয়, অস্ত্ৰোপচাৰৰ পাছত ২৫ দিন ধৰি পৰ্যবেক্ষণত ৰখাৰ অন্তত দুয়োগৰাকীকে চিকিৎসালয়ৰ পৰা ছুটি দিয়া হৈছে।
যোৱা অক্টোবৰ মাহত প্ৰায় ১৬ ঘণ্টা ধৰি চলা জটিল অস্ত্ৰোপচাৰত বেহাৰবাৰীৰ ৪৮ বছৰীয়া ভগত সিঙৰ দেহত তেওঁৰ কনিষ্ঠ ভগ্নীয়ে দান কৰা যকৃতৰ এটা অংশ সংৰোপণ কৰা হৈছিল।
এই অস্ত্ৰোপচাৰত তামিলনাডুৰ ডাঃ চেন্থিল কুমাৰ, আহমেদাবাদৰ ডাঃ ধৰ্মেন্দ্ৰ, দিল্লীৰ ডাঃ শ্বেতা সিঙৰ লগতে জিএমচিএইচৰ চিকিৎসক আৰু স্থানীয় সহায়ক দল জড়িত আছিল। বিশেষজ্ঞ চিকিৎসকসকলে জিএমচিএইচৰ স্থানীয় চিকিৎসকসকলক এই চিকিৎসা পদ্ধতিৰ প্ৰশিক্ষণ দি আছে বুলিও অশোক সিংহলে জনায়।
অহা তিনি-চাৰি মাহৰ ভিতৰত জিএমচিএইচৰ চিকিৎসকসকলেও নিজাববীয়াকৈ এনে জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিব পাৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আনহাতে, গোলাঘাট, যোৰহাট আৰু নগাঁৱৰ চিকিৎসালয় পৰিদৰ্শনৰ সময়ত চিকিৎসকসকলে অস্ত্ৰোপচাৰ কৰিবলৈ ভয় লাগে বুলি তেওঁক জনোৱা বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।